உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Indian Railways Cancelled Trains List: তাউতেৰ পিছত এইবাৰ Cyclone Yaasৰ ত্ৰাস ! ঘূৰ্ণীবতাহ য়াছৰ বাবেই ২৫ খনকৈ ৰে'ল বাতিল কৰিলে ৰে'লৱে কৰ্তৃপক্ষই...

    Indian Railways Cancelled Trains List: তাউতেৰ পিছত এইবাৰ Cyclone Yaasৰ ত্ৰাস ! ঘূৰ্ণীবতাহ য়াছৰ বাবেই ২৫ খনকৈ ৰে'ল বাতিল কৰিলে ৰে'লৱে কৰ্তৃপক্ষই...

    Cyclone Yaasৰ বাবে ৰে'লৱে কৰ্তৃপক্ষই ২৪ মে'ৰ পৰা ২৯ মে'লৈ ২৫ খন ৰে'ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । তেনেস্থলত যদিহে আপুনি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে জানি লওক এইসময়ত কি কি ৰে'ল বাতিল কৰিছে ৰে'ল কৰ্তৃপক্ষই ।

    Cyclone Yaasৰ বাবে ৰে'লৱে কৰ্তৃপক্ষই ২৪ মে'ৰ পৰা ২৯ মে'লৈ ২৫ খন ৰে'ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । তেনেস্থলত যদিহে আপুনি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে জানি লওক এইসময়ত কি কি ৰে'ল বাতিল কৰিছে ৰে'ল কৰ্তৃপক্ষই ।

    Cyclone Yaasৰ বাবে ৰে'লৱে কৰ্তৃপক্ষই ২৪ মে'ৰ পৰা ২৯ মে'লৈ ২৫ খন ৰে'ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । তেনেস্থলত যদিহে আপুনি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে জানি লওক এইসময়ত কি কি ৰে'ল বাতিল কৰিছে ৰে'ল কৰ্তৃপক্ষই ।

    • Share this:
    ঘূৰ্ণীবতাহ তাউতেয়ে চলাই যোৱা ধ্বংসলীলাৰ পিছতেই এইবাৰ ঘূৰ্ণীবতাহ য়াছৰ বিপদাশংকাৰ সন্মুখীন হৈছে কেইবাখনো ৰাজ্য । বংগোপসাগৰৰ পৰা য়াছে ২৬ মে'ৰ সন্ধিয়াৰ ভিতৰতে পশ্চিম বংগ আৰু উত্তৰ ওড়িশাৰ উপকূলীয় অঞ্চলত আঘাত কৰাৰ সম্ভাৱনা আছে । যাৰ বাবেই এক সুৰক্ষামূলক পদক্ষেপ হিচাপে ভাৰতীয় ৰে'লৱে কৰ্তৃপক্ষই কেইবাখনো ৰে'ল বাতিল কৰিছে। পূৱ ৰে'লৱে কৰ্তৃপক্ষই ২৪ মে'ৰ পৰা ২৯ মে'লৈ ২৫ খন ৰে'ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । তেনেস্থলত যদিহে আপুনি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে জানি লওক এইসময়ত কি কি ৰে'ল বাতিল কৰিছে ৰে'ল কৰ্তৃপক্ষই ।

    এই ৰেলসমূহ ২৪মে' অৰ্থাত্ আজিৰে পৰা বাতিল কৰা হৈছে -

    ০২৫১০- গুৱাহাটী বাংগালুৰু কেণ্ট - ২৪ মে' আৰু ২৫ মে'

    ০৫২২৮ - মুজাফৰপুৰ-যশৱন্তপুৰ - ২৪ মে'

    ০২৬৪৩ - এৰ্নাকুলাম-পাটনা - ২৪ মে' আৰু ২৫ মে'

    ০৫৯৩০ - নতুন তিনিচুকীয়া-তাম্ব্ৰাম - ২৪ মে'

    ০২২৫৪ - ভাগলপুৰ-যশৱন্তপুৰ - ২৬ মে'

    ০২৩৭৬ - জছিদিহ-তাম্বৰম - ২৬ মে'

    ০২৫০৭ - ত্ৰিবান্দ্ৰম কেন্দ্ৰীয়-শিলচৰ - ২৫ মে'

    ০০২৫৫২ - কামাখ্যা-যশৱন্তপুৰ - ২৬ মে'

    ০২৬১১ - এমজিআৰ চেন্নাই চেণ্ট্ৰেল-নিউ জলপাইগুৰি - ২৬ মে'

    ০৮৪১৯ - পুৰী-জয়নগৰ - ২৭ মে'

    ০৮৪৫০ - পাটনা জংচন-পুৰী - ২৫ মে'

    ০২২৪৯ - কেএছআৰ বেংগালুৰু মহানগৰ-নতুন তিনিচুকীয়া - ২৫ মে'

    ০২৫০৯ - বাংগালুৰু কেণ্ট-গুৱাহাটী - ২৭ আৰু ২৮ মে'

    ০২৫০৮ - শিলচৰ-ত্ৰিবান্দ্ৰম কেন্দ্ৰীয় - ২৭ মে'

    ০৫৯২৯- তাম্ব্ৰাম-নিউ তিনিচুকীয়া - ২৭ মে'

    ০২২৫০- নতুন তিনিচুকীয়া-কেএছআৰ বাংগালুৰু চহৰ - ২৮ মে'

    ০২৫৫১ - যশৱন্তপুৰ-কামাখ্যা - ২৯ মে'

    ০২৬১২ - নিউ জলপাইগুৰি-এমজিআৰ চেন্নাই চেণ্ট্ৰেল - ২৮ মে'

    ০২৬৪৪ - পাটনা-এৰ্নাকুলাম - ২৭ আৰু ২৮ মে'

    ০২৫১৬ - আগৰতলা-বাংগালুৰু কেণ্ট - ২৫ মে'

    ০২৫১৫ - বাংগালুৰু কেণ্ট-আগৰতলা - ২৫ মে'

    ০২২৫৩ - যশৱন্তপুৰ-ভাগলপুৰ - ২৯ মে'

    ০৬৫৭৮ - গুৱাহাটী-যশৱন্তপুৰ - ২৪ মে'

    ০৭০২৯- গুৱাহাটী-চিকন্দৰাবাদ - ২৬ মে'

    ০২৩৭৫- তাম্ব্ৰাম-জছিদিহ - ২৯ মে'

    'য়াছ'ৰ সৈতে মোকাবিলা কৰিবলৈ উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ -

    ইপিনে ঘূৰ্ণীবতাহ য়াছৰ সৈতে মোকাবিলা সম্পৰ্কত দেওবাৰে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উক্ত বৈঠকতে প্ৰধানমন্ত্ৰীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে আৰু সামুদ্ৰিক কাৰ্যকলাপৰ সৈতে জড়িত সকলক সময়মতে সুৰক্ষিত স্থানলৈ লৈ যাবলৈ নিৰ্দেশ দিয়ে ।
    Published by:Kokil Sarma
    First published: