ৰে’লৱেই বাতিল কৰিলে আজি চলিবলগীয়া ১০০খন ৰে’ল, এই তালিকা চাই আৰম্ভ কৰক আপোনাৰ যাত্ৰা

ইষ্ট–কোষ্ট ৰে’লৱেৰ উপদেশ, যাত্ৰা আৰম্ভ কৰক এই তালিকা অনুসৰিহে

Dulu Medhi | news18assam
Updated:May 2, 2019, 10:52 AM IST
ৰে’লৱেই বাতিল কৰিলে আজি চলিবলগীয়া ১০০খন ৰে’ল, এই তালিকা চাই আৰম্ভ কৰক আপোনাৰ যাত্ৰা
ফাইল ফটো
Dulu Medhi | news18assam
Updated: May 2, 2019, 10:52 AM IST
ভাৰতীয় ৰে’লৱেয়ে ঘূৰ্ণি বতাহ ‘ফণী’ৰ বাবে ১০০তকৈও অধিক ৰে’লৰ চলাচল বাতিল কৰিলে। লগতে ২খন ৰে’লৰ পথ সলনি কৰিলে। আটাইকেইখন ৰে’ল কলকাতাৰ লগতে অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম বংগৰ কিছু অঞ্চলকো সাঙুৰে।

কাল ধুমুহা ‘ফণী’ৰ বাবে বাতিল হোৱা ৰে’ল কেইখন হ’ল, পাটনা–এৰনাকুলম এক্সপ্ৰেছ, নতুন দিল্লী–ভূৱনেশ্বৰ ৰাজধানী এক্সপ্ৰেছ, হাওড়া–চেন্নাই চেন্ট্রেল কোৰোমণ্ডল এক্সপ্ৰেছ, হাওড়া–হায়দৰাবাদ ইষ্ট কোষ্ট এক্সপ্ৰেছ, ভূৱনেশ্বৰ–ৰামেশ্বৰম এক্সপ্ৰেছ, মুজফৰপুৰ–য়শবন্তপুৰ এক্সপ্ৰেছ, পুৰী–আনন্দ বিহাৰ টাৰ্মিনেল নীলাচল এক্সপ্ৰেছ আৰু পুৰী–নতুন দিল্লী পুৰষোত্তম এক্সপ্ৰেছ। ইফালে অসমৰ পৰাও চলাচল কৰা ৬ খন ৰে’লৰ চলাচল বাতিল। বাতিল হ’ল শিলচৰ-তিৰুৱন্তপুৰম চেন্ট্রেল এক্সপ্ৰেছ, গুৱাহাটী-ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ,তাম্বৰম-ডিব্ৰুগড় এক্সপ্ৰেছ আৰু তিৰুৱন্তপুৰম চেন্ট্রেল-শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা।

এইকেইটা ৰুটত ৰে’লৰ চলাচল বাতিল

ভূৱনেশ্বৰ আৰু পুৰীত যাবলগীয়া প্ৰতিখন বাহন ২ মে’ৰ সন্ধিয়ালৈ বন্ধ হৈ থাকিব। পুৰীৰ পৰা হাওড়ালৈ যাবলগীয়া বাহন ২ মে’ৰ নিশা বাতিল। ইয়াৰওপৰি হাওড়া হৈ বেংগালুৰু, চেন্নাই আৰু ছেকেন্দ্ৰাবাদলৈ যাবলগীয়া ৰে’লসমূহো ২ মে’ৰ সন্ধিয়া বাতিল। ভূৱনেশ্বৰ আৰু পুৰীৰ মাজত চলাচল কৰিবলগীয়া সকলো বাহন ৩ মে’ত বাতিল। ইষ্ট–কোষ্ট ৰে’লৱেৰ উপদেশ, যাত্ৰা আৰম্ভ কৰক এই তালিকা অনুসৰিহে।

ঘূৰ্ণি বতাহ ‘ফণী’ গোপালপুৰ আৰু পুৰীৰ দক্ষিণেৰে চান্দবলী হৈ আহি শুকুৰবাৰে দুপৰীয়া ওড়িশা সাগৰৰ পাৰ চুব। এই অনুসৰি প্ৰায় প্ৰতি ঘণ্টাত ১৭৫–১৮৫ কিলোমিটাৰৰ পৰা প্ৰতি ঘণ্টাত ২০৫ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ আশংকা।
আৰু চাওক পৰৱৰ্তী বাতৰি