প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশক সম্বোধন কৰি ৩ মে’লৈ বৃদ্ধি কৰিলে লকডাউন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশক সম্বোধন কৰি ৩ মে’লৈ বৃদ্ধি কৰিলে লকডাউন।
দেশত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কোৰনা ভাইৰাছত সংক্ৰমিত হোৱা লোকৰ সংখ্যা।ভাৰতত এই পৰ্যন্ত দহ হাজাৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৩৯জনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশক সম্বোধন কৰি ৩ মে’লৈ বৃদ্ধি কৰিলে লকডাউন।
দ্বিতীয় পৰ্যায়ৰ লকডাউন হোৱাৰ লগে লগে ভাৰতীয় ৰে’ল বিভাগে বন্ধ কৰি দিলে যাত্ৰীৰ অনলাইন টিকটৰ বুকিং প্ৰক্ৰিয়া। ৩ মে’ পৰ্যন্ত ভাৰতীয় ৰে’ল বিভাগে কোনো যাত্ৰীবাহী ৰে’ল চলাচল নকৰাৰ গ্ৰহণ কৰিছে সিদ্ধান্ত। ইয়াৰ পূৰ্বে ১৫ এপ্ৰিলৰ বাবে টিকট বুকিং প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৰে’ল বিভাগে। ৩ মে’ পৰ্যন্ত কেৱল চলিব মালবাহী ৰে’লসমূহ।
ৰে’ল বিভাগে প্ৰকাশ কৰা অনুসৰি, প্ৰিমিয়াম ৰে’ল, এক্সপ্ৰেছ ৰে’ল, যাত্ৰীবাহী ৰে’ল, উপনগৰীয় ৰে’ল, কলকাতা মেট্ৰ’ ৰে’ল, কংকন ৰে’লৱেসহ ভাৰতীয় ৰে’লৰ সকলো যাত্ৰীবাহী ৰে’লসেৱা ৩ মে’ৰ নিশা ১২ বজালৈ বাতিল কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|