• Home
  • »
  • News
  • »
  • nation
  • »
  • অন্ধ্ৰ প্ৰদেশত প্ৰলয়, এতিয়ালৈ ৩৩জনৰ মৃত্যু, ১০০ৰো অধিক ৰে’লৰ চলাচল ব্যাহত

অন্ধ্ৰ প্ৰদেশত প্ৰলয়, এতিয়ালৈ ৩৩জনৰ মৃত্যু, ১০০ৰো অধিক ৰে’লৰ চলাচল ব্যাহত

ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত ৰাজ্যখনৰ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। আনহাতে, চিত্তুৰ, কড়প্পা, অনন্তপুৰ আৰু নেল্লুৰত বানৰ সৃষ্টি হৈছে।

  • Share this:
বংগোপ সাগৰত হোৱা মৌচুমীৰ ফলত অন্ধ্ৰ প্ৰদেশৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত মূষলধাৰ বৰষুণ অব্যাহত আছে। বৰষুণৰ সৈতে জড়িত ঘটনাত এতিয়ালৈ ৩৩জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, ১২ জন লোক সন্ধানহীন হৈ থকাৰ খবৰ প্ৰকাশ পাইছে। ইয়াৰ উপৰি ৰাজ্যখনত ৰে’ল যাতায়াতো প্ৰভাৱিত হৈছে। দক্ষিণ মধ্য ৰে’লৱেই কয় যে নেল্লোৰৰ সমীপৰ পাদুগুপাডুত ৰে’লপথৰ ক্ষতিসাধনৰ ফলত ১০০ৰো অধিক এক্সপ্ৰেছ ট্ৰেইন চলাচল বন্ধ কৰা হৈছে আৰু ২৯খন ৰে’লৰ পথ সলনি কৰা হৈছে।

ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত ৰাজ্যখনৰ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। আনহাতে, চিত্তুৰ, কড়প্পা, অনন্তপুৰ আৰু নেল্লুৰত বানৰ সৃষ্টি হৈছে। অন্ধ্ৰ প্ৰদেশত পেন্না নদীৰ বানৰ ফলত বহু বাহন আৰু যাত্ৰী আবদ্ধ হৈ পৰিছে। মুখ্য ৰাজপথসমূহত যাতায়াত বন্ধ কৰি দিয়া হৈছে। ৰে’লৱেৰ বাদেও বাছ সেৱাতো প্ৰভাৱ পৰিছে।

চৰকাৰী তথ্য অনুসৰি, কড়প্পাত বান আৰু বৰষুণৰ ফলত ২০, অনন্তপুৰত ৭, চিত্তুৰত ৪ আৰু এছপিএছ নেল্লোৰত ২জনৰ মৃত্যু হৈছে। নেল্লোৰত অজ্ঞাত লোকৰ মৃতদেহ ছোমছিলা জলাশয়ৰ সমীপত উদ্ধাৰ কৰা হৈছে। আনহাতে, কড়প্পা জিলাত ১২জন লোক সন্ধানহীন হৈ থকাৰ খবৰ প্ৰকাশ পাইছে। আনহাতে, এই পৰিস্থিতিৰ ফলত শ শ বিঘা মাটিৰ কৃষি নষ্ট হৈ গৈছে। গাঁও অঞ্চলৰ বহু ঘৰ ধ্বংসস্তুপত পৰিণত হৈছে।
Published by:Sanjay Kumar Das
First published: