ভাইৰেল হৈছে কংগ্ৰেছৰ নেতা তথা গান্ধী পৰিয়ালৰ যুৱৰাজ ৰাহুল গান্ধী (Rahul Gandhi)য়ে (অভিযোগমতে) নৈশ ক্লাৱত পাৰ্টী কৰি থকাৰ ভিডিঅ' (Rahul Gandhi Viral Video)।
দেশত কংগ্ৰেছ (Congress) দলক উদ্ধাৰৰ বাবে দলৰ মজিয়াত চিন্তা-চৰ্চা চলি থকাৰ মাজতে ভাইৰেল হৈছে কংগ্ৰেছৰ নেতা তথা গান্ধী পৰিয়ালৰ যুৱৰাজ ৰাহুল গান্ধী (Rahul Gandhi)য়ে (অভিযোগমতে) নৈশ ক্লাৱত পাৰ্টী কৰি থকাৰ ভিডিঅ' (Rahul Gandhi Viral Video)। জানিব পৰা মতে এজন বিজেপি (BJP) নেতাই এই ভিডিঅ'টো ভাইৰেল কৰিছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে বিজেপি শিবিৰৰ পৰা ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে।
ভিডিঅ'টো শ্বেয়াৰ কৰি বিজেপি নেতাজনে অভিযোগ কৰা মতে ৰাহুল গান্ধীয়ে নৈশ ক্লাৱত পাৰ্টী কৰি আছে। কাষত কোনোবা মহিলাও আছে। অভিযোগ মতে কোনোবা বহিৰাষ্ট্ৰৰ নৈশ ক্লাৱৰ এই দৃশ্য। ভাইৰেল হোৱাৰ পিছতে বিজেপিৰ মুখপাত্ৰ অমিত মালব্য, বিজেপি নেতা মনোজ তিৱাৰী আৰু কেন্দ্ৰীয় কিৰেন ৰিজিজু (Kiren Rijiju)ৱেও কটাক্ষ কৰিছে ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালক।
ইপিনে উত্তৰ প্ৰদেশ বিজেপিৰ ছচিয়েল মিডিয়া আহ্বায়ক শশী কুমাৰে অভিযোগ কৰে যে ভিডিঅ'টোত ৰাহুল গান্ধীৰ সৈতে পাৰ্টী কৰি থকা মহিলাগৰাকী হৈছে নেপালত থকা চীনৰ ৰাষ্ট্ৰদূত (Chinese Ambassador to Nepal)। বিজেপি নেতা কপিল মিশ্ৰায়ো একেই অভিযোগ উত্থাপন কৰিছে।
অৱশ্যে এই ভিডিঅ'ত ৰাহুল গান্ধীয়ে নৈশ ক্লাৱত পাৰ্টী কৰি থকাৰ অভিযোগ পোনছাটেই নাকচ কৰিছে কংগ্ৰেছ দলে। দলটোৱে কয় যে নেপালৰ এজন সাংবাদিক বন্ধুৰ বিয়াৰ দৃশ্যহে এইয়া। কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যেৱালাই এই অভিযোগ খণ্ডন কৰি কয় যে বিবাহৰ নিমন্ত্ৰণ ৰক্ষা কৰাটো ভাৰতীয় পৰম্পৰা, অপৰাধ নহয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|