আমেঠিত ৰাহুল গান্ধীৰ মনোনয়ন বৈধ, নিশ্চিত কৰিলে নিৰ্বাচনী বিষয়াই

সমষ্টিটোৰ পৰা এজন নিৰ্দলীয় প্ৰাৰ্থী আৰু তিনিজন আন প্ৰাৰ্থীয়ে সমষ্টিটোত ৰাহুল গান্ধীৰ মনোনয়নত আপত্তি প্ৰদৰ্শন কৰিছিল। শপতনামাত নাগৰিকত্ব আৰু শৈক্ষিক অৰ্হতাৰ অনিয়ম থকাৰ যুক্তিৰে এই অভিযোগ দিয়া হৈছিল।

news18
Updated:April 22, 2019, 4:46 PM IST
আমেঠিত ৰাহুল গান্ধীৰ মনোনয়ন বৈধ, নিশ্চিত কৰিলে নিৰ্বাচনী বিষয়াই
সমষ্টিটোৰ পৰা এজন নিৰ্দলীয় প্ৰাৰ্থী আৰু তিনিজন আন প্ৰাৰ্থীয়ে সমষ্টিটোত ৰাহুল গান্ধীৰ মনোনয়নত আপত্তি প্ৰদৰ্শন কৰিছিল। শপতনামাত নাগৰিকত্ব আৰু শৈক্ষিক অৰ্হতাৰ অনিয়ম থকাৰ যুক্তিৰে এই অভিযোগ দিয়া হৈছিল।
news18
Updated: April 22, 2019, 4:46 PM IST
আমেঠিৰ ৰিটাৰ্ণিং বিষয়াই সোমবাৰে সকলো অভিযোগ খাৰিজ কৰি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে দাখিল কৰা মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰে। নাগৰিকত্ব আৰু আন সকলো বিষয়ৰ অভিযোগৰ প্ৰতিটো বিষয় চালি–জাৰী চাই বিষয়াগৰাকীয়ে ৰাহুল গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে বুলি নিশ্চিত কৰে।
শুনানিৰ অন্তত কংগ্ৰেছ নেতাগৰাকীৰ অধিবক্তা কে চি কৌশিক, ৰিটাৰ্ণিং বিষয়া ৰাম মনোহৰ মিশ্ৰাই ৰাহুল গান্ধীৰ মনোনয়ন পত্ৰ আমেঠিৰ কাৰণে বৈধ ঘোষণা কৰে। সমষ্টিটোৰ পৰা এজন নিৰ্দলীয় প্ৰাৰ্থী আৰু তিনিজন আন প্ৰাৰ্থীয়ে সমষ্টিটোত ৰাহুল গান্ধীৰ মনোনয়নত আপত্তি প্ৰদৰ্শন কৰিছিল।

মনোনয়ন পত্ৰ খাৰিজ কৰিব পৰাকৈ কোনো যুক্তি নাই আৰু সেইবাবে সকলো অভিযোগ নস্যাৎ কৰা হৈছে।

সোমবাৰে জাৰী কৰা নিৰ্দেশত মিশ্ৰাই কয়।

অভিযোগকৰ্তা ডি.লালৰ অধিবক্তা ৰবি প্ৰকাশে ৰাহুল গান্ধীক ব্ৰিটিশ নাগৰিক বুলি তুলি ধৰা ব্ৰিটেইনত পঞ্জীয়ন কৰা এক কোম্পানীৰ নথি প্ৰদৰ্শন কৰে। তেওঁ কয় যে ব্ৰিটিশ কোম্পানীটো ৫বছৰৰ কাৰণে সক্ৰিয় হৈ আছিল আৰু নিশ্চয় কিছু লাভ অৰ্জন কৰিছিল যি কথা
শপতনামাত উল্লেখ কৰা হোৱা নাই।

গোচৰীয়া পক্ষৰ অধিবক্তাগৰাকীয়ে কংগ্ৰেছ সভাপতি গৰাকীৰ শৈক্ষিক অৰ্হতা সন্দৰ্ভত আপত্তি প্ৰদৰ্শন কৰি কয়, ৰাহুল গান্ধীয়ে কেমব্ৰিজৰ পৰা ১৯৯৫চনত এম ফিল কৰিছিল আৰু ইয়াৰে এক প্ৰতিলিপি দাখিল কৰা হৈছে। ১৯৯৪চনত তেওঁ স্নাতক অৰ্জন কৰিছিল আৰু ইয়াৰো প্ৰতিলিপি দিয়া হৈছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি