মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Rahul Gandhi Birthday: ৰাজনীতিলৈ অহাৰ পূৰ্বে কেনেকুৱা আছিল ৰাহুল গান্ধীৰ জীৱন ? কিয় বাৰম্বাৰ ৰাহুলৰ শিক্ষা গ্ৰহণত আহিছিল বাধা ?

Rahul Gandhi Birthday: ৰাজনীতিলৈ অহাৰ পূৰ্বে কেনেকুৱা আছিল ৰাহুল গান্ধীৰ জীৱন ? কিয় বাৰম্বাৰ ৰাহুলৰ শিক্ষা গ্ৰহণত আহিছিল বাধা ?

News18 Assam | News18-Assam
Updated:June 19, 2021, 1:55 PM IST
Rahul Gandhi Birthday:  ৰাজনীতিলৈ অহাৰ পূৰ্বে কেনেকুৱা আছিল ৰাহুল গান্ধীৰ জীৱন ? কিয় বাৰম্বাৰ ৰাহুলৰ শিক্ষা গ্ৰহণত আহিছিল বাধা ?
শিক্ষা জীৱনত সঘনাই ভিন্ন বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৰাহুল গান্ধী(Rahul Gandhi)। স্কুলৰ পৰা দূৰৈত থাকি ঘৰতেই গ্ৰহণ কৰিবলগীয়া হৈছিল শিক্ষা ।

শিক্ষা জীৱনত সঘনাই ভিন্ন বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৰাহুল গান্ধী(Rahul Gandhi)। স্কুলৰ পৰা দূৰৈত থাকি ঘৰতেই গ্ৰহণ কৰিবলগীয়া হৈছিল শিক্ষা ।

  • Share this:
আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ৰ ওপজা দিন । ৫১ বছৰীয়া হ'ল কংগ্ৰেছৰ নেতাগৰাকী । ৰাহুলৰ জন্মদিন উপলক্ষে এই দিনটো সেৱা দিৱস হিচাপে  উদযাপন কৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ দলে ।

নেহৰু-গান্ধী পৰিয়াল (Nehru-Gandhi Family)ৰ চতুৰ্থ প্ৰজন্মৰ সদস্য ৰাহুলৰ ক্ষেত্ৰত নেহৰু, ইন্দিৰা বা ৰাজীৱ গান্ধী (Rajiv Gandhi)ৰ দৰে আকৰ্ষণীয় চৰিত্ৰ দেখা নাযায় যদিও প্ৰতিসময়তে তেওঁৰ পৰাও সেয়া আশা কৰে জনতাই। ৰাহুল গান্ধীৰ বহু শুভাকাংক্ষী আৰু ৰাজনৈতিক বিশ্লেষকে তেওঁৰ আৰু কংগ্ৰেছৰ ভৱিষ্যতৰ ওপৰত প্ৰায়েই 'চিন্তা-চৰ্চা' কৰে । কিন্তু আজি আমি আপোনাক জনাম ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে কেনে আছিল ৰাহুল গান্ধীৰ জীৱন ।

১৯৭০ চনৰ ১৯ জুনত দিল্লীত জন্মগ্ৰহণ কৰা ৰাহুল গান্ধী হৈছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধী (Sonia Gandhi)ৰ প্ৰথম সন্তান। দেশৰ এটা ৰাজনৈতিক পৰিয়ালত জন্মা ৰাহুলৰ শৈশৱ দিল্লী আৰু ডেৰাডুনৰ মাজত অতিবাহিত হৈছিল আৰু ইয়াৰ বাবেই তেওঁ প্ৰাৰম্ভিক জীৱনত ৰাজহুৱা জীৱনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল । যেতিয়া তেওঁৰ জন্ম হৈছিল, সেইসময়ত আইতাক ইন্দিৰা গান্ধী (Indira Gandhi)  আছিল দেশৰ প্ৰধানমন্ত্ৰী । ১৯৮১ চনৰ পৰা ১৯৮৩ চনৰ ভিতৰত তেওঁ উত্তৰাখণ্ডৰ ডেৰাডুনৰ ডুন স্কুল (Doon School)ত অধ্যয়ন কৰিছিল, য'ত তেওঁৰ পিতৃয়েও শিক্ষা গ্ৰহণ কৰিছিল।

কিন্তু ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাৰ পিছতেই প্ৰথমবাৰৰ বাবে শিক্ষাগ্ৰহণত বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৰাহুল । নিৰাপত্তাৰ স্বাৰ্থত ৰাহুল আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী (Priyanka Gandhi)য়ে ১৯৮৯ চনলৈকে ঘৰতেই শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। ১৯৮৯ চনত, স্নাতক শিক্ষাৰ বাবে খেল সংৰক্ষিত আসনৰ জৰিয়তে ৰাহুলে দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত নাম ভৰ্তি কৰে । সেই সময়ত ৰাহুলৰ ৰেগিঙৰৰ ছবিয়ে যথেষ্ট চৰ্চা লাভ কৰিছিল।

ইয়াৰ পিছত ১৯৯০ চনত ৰাহুলে অৰ্থনীতিত অধ্যয়নৰ বাবে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰে । কিন্তু ১৯৯১ চনত তেওঁৰ দেউতাক ৰাজীৱ গান্ধীক সন্ত্ৰাসবাদীয়ে হত্যা কৰে, যাৰ পিছত নিৰাপত্তাজনিত কাৰণত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ ৰোলিন্স কলেজলৈ যাবলগীয়া হয়, য'ত তেওঁ ১৯৯৪ চনত বিএ ডিগ্ৰী লাভ কৰে ।

১৯৯৫ চনত ৰাহুলে কেমব্ৰিজৰ ট্ৰিনিটি কলেজ  (Trinity College)ত ডেভেলপমেণ্ট ষ্টাডিজত যোগদান কৰে। পৰিয়ালৰ সুৰক্ষাৰ প্ৰতি অহা ভিন্ন ভাবুকিয়ে ইয়াতো ৰাহুলৰ পিছ এৰা নাছিল। সেইবাবে তেওঁ নাম সলনি কৰি চু ৰাহুল ভিঞ্চি (Rahul Vinci)বুলি লিখিছিল নিজৰ নাম । পিতৃ ৰাজীৱ গান্ধী আৰু আজো ককাক জৱাহৰলাল নেহৰু (Jawaharlal Nehru)ৱেও একেখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

স্নাতক শিক্ষা গ্ৰহণৰ পিছত, ৰাহুলে মাইকেল পোৰ্টাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা মনিটৰ গোট নামৰ এটা পৰামৰ্শদাতা ফাৰ্মৰ সৈতে লণ্ডনত তিনি বছৰ কাম কৰিছিল । ২০০২ চনত, তেওঁ মুম্বাইস্থিত প্ৰযুক্তি-আধাৰিত আউটচৰ্চিং কোম্পানী বাইকপচ চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ এজন সঞ্চালক হয়।

শেষত ২০০৪ চনত ৰাহুলে ৰাজনীতিত প্ৰৱেশ কৰে, য'ত প্ৰতিমুহূৰ্ততে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ ভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছিল।  ২০০৪ চনৰ মে' মাহত তেওঁ উত্তৰ প্ৰদেশৰ পিতৃৰ সংসদীয় আসন আমেঠি (Amethi)ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে আৰু লোকসভাৰ সদস্য হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰে।
Published by: Manjumoni Borah
First published: June 19, 2021, 1:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি