কংগ্ৰেছে জানিবলৈ দিয়া মতে, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্ট অস্থায়ীভাৱে স্থগিত ৰখা হৈছে আৰু ইয়াৰ পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া চলি আছে।
এই কথা কংগ্ৰেছে নিজ টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰিছে– 'ৰাহুল গান্ধীৰ একাউণ্ট অস্থায়ীভাৱে স্থগিত কৰা হৈছে আৰু ইয়াক পুনৰুদ্ধাৰ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। একাউণ্টটো পুনৰুদ্ধাৰ নোহোৱালৈকে তেওঁ আন ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে আপোনাৰ সৈতে সংযুক্ত থাকিব আৰু জনসাধাৰণৰ বাবে মাত মাতি থাকিব আৰু তেওঁলোকৰ বাবে যুঁজ দি থাকিব। জয় হিন্দ।'
সূত্ৰৰ পৰা জানিব পৰা মতে, দিল্লীত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা ৯ বছৰীয়া ভুক্তভোগীৰ পিতৃ-মাতৃক লগ কৰা এখন ফটো টুইটাৰত শ্বেয়াৰ কৰাৰ বাবে ৰাহুল গান্ধীৰ একাউণ্ট নিলম্বিত কৰা হৈছে।
উল্লেখ্য যে শুকুৰবাৰে নিশা টুইটাৰে ৰাহুল গান্ধীৰ পোষ্টটো বিলোপ কৰিছিল। শেহতীয়াকৈ, যেতিয়া ৰাহুল গান্ধীয়ে ছবিখন শ্বেয়াৰ কৰিছিল, ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে টুইটাৰ আৰু দিল্লী আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকক বিষয়টো সম্পৰ্কত ব্যৱস্থা ল'বলৈ কৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|