চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক "মোডীৰ উপাধি" সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছে। অৱশ্যে, আদালতে এতিয়াও শাস্তি ঘোষণা কৰা নাই। ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁৰ কথিত মন্তব্যৰ বাবে গোচৰ ৰুজু কৰা হৈছে য'ত তেওঁ কথিতভাৱে কৈছিল, "সকলো চোৰৰ উপধি মোডী কিয়?"
ৰাহুল গান্ধীৰ মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা তথা বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোডীয়ে এটা অভিযোগ দাখিল কৰিছিল। ৱায়ানাডৰ লোকসভাৰ সদস্য গান্ধীয়ে ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত এই মন্তব্য কৰিছিল বুলি অভিযোগ কৰা হৈছে।
গান্ধীৰ অধিবক্তা কিৰিট পানৱালাই কয় যে মুখ্য ন্যায়িক দণ্ডাধীশ এইচ বাৰ্মাৰ আদালতে যোৱা সপ্তাহত দুয়োপক্ষৰ যুক্তিৰ চূড়ান্ত শুনানি অনুষ্ঠিত কৰিছিল আৰু ৰায় ঘোষণাৰ তাৰিখ ২৩ মাৰ্চ নিৰ্ধাৰণ কৰিছিল। গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ (মানহানি) ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছিল। ৰাহুল গান্ধীয়ে তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ ২০২১ চনৰ অক্টোবৰত চুৰাট আদালতত হাজিৰ হৈছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : March 23, 2023, 11:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।