মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»'পেট্ৰ'ল ৭১ টকাৰ পৰা ১০১ টকা হ'ল, গেছ চিলিণ্ডাৰ ৪১০ টকাৰ পৰা ৮৮৫ টকা হ'ল'- মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

'পেট্ৰ'ল ৭১ টকাৰ পৰা ১০১ টকা হ'ল, গেছ চিলিণ্ডাৰ ৪১০ টকাৰ পৰা ৮৮৫ টকা হ'ল'- মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

News18 Assam | News18-Assam
Updated:September 1, 2021, 7:24 PM IST
'পেট্ৰ'ল ৭১ টকাৰ পৰা ১০১ টকা হ'ল, গেছ চিলিণ্ডাৰ ৪১০ টকাৰ পৰা ৮৮৫ টকা হ'ল'- মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ
ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰে যে, ৰন্ধন গেছ বা ডিজেল-পেট্ৰ'ল বিক্ৰীৰ পৰা চৰকাৰে ২৩ লাখ কোটি টকা সংগ্ৰহ কৰিছ।

ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰে যে, ৰন্ধন গেছ বা ডিজেল-পেট্ৰ'ল বিক্ৰীৰ পৰা চৰকাৰে ২৩ লাখ কোটি টকা সংগ্ৰহ কৰিছ।

  • Share this:
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ২০.১ শতাংশ পিছুৱাইছে। অৰ্থনীতিৰ এনে বিপৰ্যয়ৰ মাজতো চৰকাৰৰ সফলতাৰ হিচাপ দিছে বিজেপিয়ে। কিন্তু এনে সময়তে বিজেপি চৰকাৰৰ তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। সংবাদমেল সম্বোধন কৰি তাচ্ছিল্যৰ সুৰত ৰাহুল গান্ধীয়ে কয় যে, 'জিডিপি বৃদ্ধিৰ আচল অৰ্থ হৈছে গেছ চিলিণ্ডাৰ, ডিজেল আৰু পেট্ৰ'লৰ মূল্যবৃদ্ধি। ৰাহুলে অভিযোগ কৰে যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত কৃষক, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আদিৰ আৰ্থিক অৱস্থা ক্ৰমান্বৰে বেয়া হৈ গৈ আছে।'

গেছৰ চিলিণ্ডাৰৰ লগতে ডিজেল-পেট্ৰ'লৰ মূল্যবৃদ্ধিত অতিষ্ঠ সাধাৰণ লোক। মঙলবাৰে গেছ চিলিণ্ডাৰৰ দাম আৰু ২৫ টকা বাঢ়িল। ডিজেল-পেট্ৰ'লৰ দামে বহুদিন ধৰি আকাশ স্পৰ্শ কৰি আছে। ৰাহুল গান্ধীয়ে আজি মোদী চৰকাৰক কটাক্ষ কৰি কয় যে, প্ৰধানমন্ত্ৰী মোদী জী, বিত্তমন্ত্ৰী সকলোৱে ক'ব বিচাৰে, জিডিপি বাঢ়িছে। কিন্তু আমি বুজিছো, জিডিপি বুলি কৈ তেওঁলোকে কি কি বঢ়াই আছে। জিডিপি মানে আচলতে গেছ, ডিজেল আৰু পেট্ৰ'ল।

কংগ্ৰেছ নেতাজনে কয় যে, বহুতে ক'ব পাৰে যে, আন্তৰ্জাতিক বজাৰত ডিজেল-পেট্ৰ'লৰ দাম বাঢ়িছে। ইউপিএৰ দিনত ২০১৪ চনত অপৰিশোধিত তেলৰ দাম আছিল ১০৫ টকা। আমি সেই দাম ৭১ টকালৈ হ্ৰাস পালে। যাৰ অৰ্থ, আমাৰ চৰকাৰ থকাৰ সময়ত অপৰিশোধিত তেলৰ দাম ৩২ শতাংশ বেছি আছিল। ৰাহুলে লগতে দাবী কৰে, ২০১৪ চনত গেছ চিলিণ্ডাৰৰ দাম ৪১০ টকা আছিল। কিন্তু আজি ৮৮৫ টকা। পেট্ৰ'লৰ দাম আছিল ৭১.৫০ টকা। এতিয়া ১০১ টকা। ৫৭ টকাৰ পৰা ৮৮ টকালৈ বাঢ়িল ডিজেলৰ দাম।

ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰে যে, ৰন্ধন গেছ বা ডিজেল-পেট্ৰ'ল বিক্ৰীৰ পৰা চৰকাৰে ২৩ লাখ কোটি টকা সংগ্ৰহ কৰিছ।
Published by: Himangshu Bhuyan
First published: September 1, 2021, 7:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি