কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই আজি অৰ্থাৎ শনিবাৰে দিল্লীত প্ৰৱেশ কৰিছে। ১৫০ দিনীয়া এই যাত্ৰাৰ নেতৃত্ব ৰাহুল গান্ধীয়ে প্ৰদান কৰিছে। এই যাত্ৰা দিল্লী পোৱাৰ পিছত ৰাহুল গান্ধীয়ে কয় যে, ‘‘মই ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিবলৈ আহিছো, আপুনিও আপোনাৰ প্ৰেমৰ এখন সৰু দোকান খোলক। নিৰ্বাচিত লোকসকলে ঘৃণা বিয়পাই আছে। দৰিদ্ৰ, কৃষক সকলোৱে হাত ধৰি খোজ কাঢ়ি আছে। আমি ৩০০০ কিলোমিটাৰতকৈও অধিক খোজ কাঢ়িছো। আপুনি সোধক যে এই যাত্ৰাত কাৰোবাৰ ধৰ্ম সোধা হৈছিল নেকি।’’
ইয়াৰোপৰি দিল্লীত উপস্থিত হোৱাৰ পিছত তেওঁ কয় যে, ইয়াত কেৱল মৰম আৰু সন্মান আছে। লগতে, তেওঁলোকৰ এই যাত্ৰা নিবনুৱা, মুদ্ৰাস্ফীতিৰ আৰু ঘৃণাৰ বিৰুদ্ধে বুলি ব্যক্ত কৰে। তেওঁ কয়, ‘‘আমি এজন ভাৰতীয়ই আৰু আন এজন ভাৰতীয়ক আলিংগন কৰো।’’ ৰাহুল গান্ধীয়ে সকলোকে প্ৰশ্ন কৰে যে তেওঁৰ মুখলৈ চাই তেওঁ ৩০০০ কিলোমিটাৰ খোজ কাঢ়িছে যেন লাগিছে নে বুলি। লগতে কয় যে তেওঁ ভাগৰুৱা নাই, ৰাইজে তেওঁক নিজৰ শক্তি দিছে। উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰাই সমগ্ৰ দেশতে বহুতো শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে।
বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে চৰকাৰক আক্ৰমণ কৰি কৈছিল যে, তেওঁলোকে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা বন্ধ কৰিবলৈ অজুহাত বিচাৰি আছে। যাত্ৰাটো সেইসময়ত হাৰিয়ানাত থকা বুলি কৈ আগন্তুক শনিবাৰে দেশৰ ৰাজধানীত প্ৰৱেশ কৰিব। শুক্ৰবাৰে সন্ধিয়া এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয়, ‘‘এতিয়া (কেন্দ্ৰীয়) স্বাস্থ্য মন্ত্ৰীয়ে মোক লিখিছে যে কোভিড ঘূৰি আহিছে, ভ্ৰমণ বন্ধ কৰক। ভাৰতৰ বাকী অংশত, বিজেপিয়ে যিমান বিচাৰে সিমান ৰাজহুৱা সভা অনুষ্ঠিত কৰিব পাৰে, কিন্তু য'ত 'ভাৰত জোড়ো যাত্ৰা' চলি আছে, তাত ক'ৰোনা আৰু ক'ভিড আছে।’’
Published by: Sehnaz Begum
FIRST PUBLISHED : December 24, 2022, 14:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।