মুখ্যপৃষ্ঠা »খবৰ »দেশ »ভাৰত জোড়ো যাত্ৰাৰ সময়ত ঠাণ্ডাতো কিয় টি-চাৰ্ট পিন্ধি আছে – ক’লে ৰাহুল গান্ধীয়ে

ভাৰত জোড়ো যাত্ৰাৰ সময়ত ঠাণ্ডাতো কিয় টি-চাৰ্ট পিন্ধি আছে – ক’লে ৰাহুল গান্ধীয়ে

ভাৰত জোড়ো যাত্ৰাৰ সময়ত হিমশীতল ঠাণ্ডা থকা স্বত্বেও টি-চাৰ্ট পিন্ধি পদযাত্ৰা কৰাৰ কাৰণ ক’লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

ভাৰত জোড়ো যাত্ৰাৰ সময়ত হিমশীতল ঠাণ্ডা থকা স্বত্বেও টি-চাৰ্ট পিন্ধি পদযাত্ৰা কৰাৰ কাৰণ ক’লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

  • Share this:
ভাৰত জোড়ো যাত্ৰাৰ সময়ত হিমশীতল ঠাণ্ডা থকা স্বত্বেও কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টি-চাৰ্ট পিন্ধি পদযাত্ৰা কৰাকলৈ তীব্ৰ বিতৰ্ক গঢ় লৈ উঠিছে। এই বিষয়ে ৰাহুল গান্ধীয়ে সোমবাৰে কয় যে মধ্যপ্ৰদেশত তিনিগৰাকী দৰিদ্ৰ ছোৱালীক ‘‘ফটা কাপোৰত কঁপি থকা’’ লগ পোৱাৰ পিছত তেওঁ পদযাত্ৰাৰ সময়ত কেৱল টি-চাৰ্ট পিন্ধাৰ সিদ্ধান্ত লৈছিল। তেওঁ কয় যে, ‘‘মানুহে মোক সুধিছে যে মই এই বগা টি-চাৰ্টটো কিয় পিন্ধিছো, মই ঠাণ্ডা অনুভৱ নকৰোঁ নেকি। মই আপোনাক কাৰণটো কওঁ। যেতিয়া যাত্ৰা আৰম্ভ হৈছিল... কেৰালাত বতৰ গৰম আৰু আৰ্দ্ৰ আছিল, কিন্তু যেতিয়া আমি মধ্য প্ৰদেশত প্ৰৱেশ কৰিছিলো, তেতিয়া অলপ ঠাণ্ডা আছিল।’’

হাৰিয়ানাৰ আম্বালাত এখন পথসভাত ভাষণ দি তেওঁ কয় যে, ‘‘এদিন ফটা কাপোৰ পিন্ধা তিনিজনী দৰিদ্ৰ ছোৱালী মোৰ ওচৰলৈ আহিছিল... যেতিয়া মই তেওঁলোকক ধৰিছিলো, তেওঁলোকে ভাল পোছাক পৰিধান নকৰাৰ বাবে কঁপি আছিল। সেইদিনা মই সিদ্ধান্ত লৈছিলো যে যেতিয়ালৈকে মই কঁপি নাযাওঁ, তেতিয়ালৈকে টি-চাৰ্ট নিপিন্ধো।’’

ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁ সেই ছোৱালীকেইজনীক এটা বাৰ্তা দিব বিচাৰিছে।

তেওঁ কয় যে, ‘‘যেতিয়া মই কঁপিবলৈ আৰম্ভ কৰোঁ, মই চুৱেটাৰ পিন্ধাৰ বিষয়ে ভাবিম। মই সেই তিনিজনী ছোৱালীক এটা বাৰ্তা দিব বিচাৰো যে যদি আপুনি ঠাণ্ডা অনুভৱ কৰে, তেন্তে সেই সময়ত ৰাহুল গান্ধীৰো ঠাণ্ডা লাগিব।’’

শেহতীয়া বাতৰি