৪পৃষ্ঠাৰ আৱেগিক পত্ৰ লিখি কংগ্ৰেছৰ অধ্যক্ষ পদ ত্যাগ ৰাহুল গান্ধীৰ

নতুন অধ্যক্ষ বাচনিৰ দায়িত্ব দললৈ এৰিলে ৰাহুল গান্ধীয়ে।

News18
Updated:July 3, 2019, 5:06 PM IST
৪পৃষ্ঠাৰ আৱেগিক পত্ৰ লিখি কংগ্ৰেছৰ অধ্যক্ষ পদ ত্যাগ ৰাহুল গান্ধীৰ
ফটো উৎসঃইণ্টাৰনেট
News18
Updated: July 3, 2019, 5:06 PM IST
কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে ৰাহুল গান্ধীয়ে। লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পদত্যাগৰ দায়িত্ব কান্ধ পাতি লৈ ৰাহুল গান্ধীয়ে টুইটাৰৰ জৰিয়তে আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

তেওঁ লিখে যে, কংগ্ৰেছ দলৰ প্ৰতি সেৱা আগবঢ়াবলৈ পোৱাটো মোৰ কাৰণে সৌভাগ্যৰ কথা। এই দলৰ আদৰ্শ আৰু মূল্যবোধ আমাৰ সুন্দৰ দেশখনৰ শিৰাই শিৰাই প্ৰৱাহিত হৈ আছে। অপৰ্যাপ্ত মৰম আৰু সন্মানৰ বাবে মই মোৰ দেশ আৰু দলৰ প্ৰতি কৃতজ্ঞ হৈ ৰ’ম।


এনেদৰে লিখি ৰাহুল গান্ধীয়ে টুইটাৰত নিজৰ পদত্যাগ পত্ৰ সংলগ্ন কৰে।




চৰ্চা অনুসৰি দলৰ জ্যেষ্ঠ নেতা মতিলাল বহৰাই অন্তৰ্ৱতীকালীন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে। অৱশ্যে দলৰ তৰফৰ পৰা কোনো তথ্য এইপৰ্যন্ত সদৰি কৰা নাই কংগ্ৰেছে।

পৰম্পৰাগতভাৱে দলৰ অধ্যক্ষৰ অনুপস্থিতিত কংগ্ৰেছত আটাইতকৈ জ্যেষ্ঠ সদস্যজনে এই দায়িত্ব অস্থায়ীভাৱে গ্ৰহণ কৰে। দলে নতুন নেতা নিৰ্বাচন নকৰালৈ এই জ্যেষ্ঠ সদস্যজনে দায়িত্ব গ্ৰহণ পালন কৰে।

ৰাহুল গান্ধীয়ে দলৰ নতুন অধ্যক্ষ বাচনিৰ দায়িত্ব দললৈ এৰাৰ কথা উল্লেখ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি