• Home
  • »
  • News
  • »
  • nation
  • »
  • জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগদান কৰাৰ পিছত ৰাহুল গান্ধীয়ে ক’লে– ‘একমাত্ৰ বন্ধু, যি যিকোনো সময়তে ঘৰলৈ আহিব পাৰিল হেতেন’

জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগদান কৰাৰ পিছত ৰাহুল গান্ধীয়ে ক’লে– ‘একমাত্ৰ বন্ধু, যি যিকোনো সময়তে ঘৰলৈ আহিব পাৰিল হেতেন’

Source-Google

Source-Google

জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগদান কৰাৰ পিছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে।

  • Share this:
ৰাহুল গান্ধীৰ ঘনিষ্ঠ আছিল জ্যোতিৰাদিত্য সিন্ধিয়া। কিন্তু বিপদৰ সময়ত এতিয়া ৰাহুল গান্ধীৰ সংগ এৰিলে জ্যোতিৰাদিত্য সিন্ধিয়াই। সিন্ধিয়াৰ বিজেপি গমনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে কয় যে, ‘জ্যোতিৰাদিত্য সিন্ধিয়া একমাত্ৰ বন্ধু আছিল, যি যিকোনো সময়তে ঘৰলৈ আহিব পাৰিছিল। আনকি সিন্ধিয়াৰ সৈতে একেলগে পঢ়িছিল ৰাহুল গান্ধী।’

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মন্তব্য কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া নিৰ্বাচিত চৰকাৰ কিদৰে ভাঙিব পাৰে, তাৰ ষড়যন্ত্ৰ কৰাত ব্যস্ত। এই সময়ত দেশৰ প্ৰধান সমস্যাৰ প্ৰতি গুৰুত্ব নাই মোদীৰ।

বিজেপিত যোগদান কৰি সিন্ধিয়াই আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছক। সিন্ধিয়াৰ মতে, ‘কংগ্ৰেছ এতিয়া আগৰ দৰে হৈ থকা নাই। নতুন নেতৃত্বক দলটোৱে মানি ল’ব নোৱাৰে। মৰ্যদা নিদিয়ে। কংগ্ৰেছত থাকি দেশ সেৱা কৰিব নোৱাৰি।’
Published by:Himangshu Bhuyan
First published: