পিতৃৰ হত্যাকাৰীক ক্ষমা কৰি দিছো : ৰাহুল গান্ধী 

News18 Assam | News18-Assam
Updated:March 22, 2021, 2:55 PM IST
পিতৃৰ হত্যাকাৰীক ক্ষমা কৰি দিছো : ৰাহুল গান্ধী 

  • Share this:
কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ পিতৃ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ক্ষমা কৰি দিছে; তেওঁৰ কাৰো প্ৰতি ক্ষোভ নাই । বুধবাৰে পুড্ডুচেৰীৰ এখন মহাবিদ্যালয়ৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে এই মন্তব্য প্ৰদান কৰে । তেওঁ কয় – “পিতৃৰ হত্যাই মোক যথেষ্ট আঘাত দিছিল; সেইয়া কঠিন সময় আছিল; এনে লাগিছিল কোনোৱে মোৰ হৃদয় কাটি লৈ গ’ল । কিন্তু এতিয়া মই ক্ষোভিত নহয়; কাকো মই ঘৃণাৰ দৃষ্টিৰে নাচাও ।“

ৰাজীৱ গান্ধীৰ হত্যাৰে জড়িত ৭জন অপৰাধীক যাৱত জীৱন কাৰাদণ্ড বিহা হৈছিল । বিভিন্ন পক্ষই বিশেষকৈ তামিলনাডুৰ একাংশ দল সংগঠনে এই সকলৰ মুক্তিৰ দাবী জনায় আহিছে ।

উল্লেখযোগ্য যে ১৯৯১ চনৰ ২১মে’ৰ দিনাখন তামিলনাডুৰ শ্ৰীপেৰামবুদুৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে শ্ৰীলংকাৰ বিচ্ছিন্নতাবাদী উগ্ৰপন্থী সংগঠন ‘এলটিটিই’ৰ এগৰাকী মহিলা Suicide Bomberএ ৰাজীৱ গান্ধীক হত্যা কৰিছিল । গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ কালছোৱাত ভাৰতে দ্বীপৰাষ্ট্ৰ খনলৈ শান্তি ৰক্ষা বাহিনী প্ৰেৰণ কৰা বিষয়টোৱে ক্ষোভিত কৰিছিল উগ্ৰপন্থী সংগঠনটোক ।

অনুষ্ঠানটোত পিতৃ আৰু আইতাক আততায়ীয়ে হত্যা কৰাৰ কাৰ্য্যই ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱনত কেনেদৰে প্ৰভাৱ পেলাই এই প্রশ্নৰো অৱতাৰণা কৰা হৈছিল । এই প্ৰশ্নৰ উত্তৰ দি গান্ধীয়ে কয় – “হিংসা কাৰো পৰা একো কাঢ়ি নিব নোৱাৰে; হিংসাত্মক কাৰ্য্যৰ সেই শক্তি নাই; আজি মই যি কৰি আছোঁ; তাৰ সিংহভাগ মই দেউতাৰ পৰা শিকিছোঁ । মোৰ পিতৃ আজিও মোৰ যোগেদি বিৰাজমান । ৰাজীৱ গান্ধীৰ মাতৃ ইন্দিৰা গান্ধীক ১৯৮৪চনত নিজৰ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল ।
First published: February 18, 2021, 2:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি