• Home
  • »
  • News
  • »
  • nation
  • »
  • Rahul Gandhi: প্ৰিয়ংকাক লগত লৈ নিহত কৃষকৰ ঘৰত উপস্থিত ৰাহুল গান্ধী, সংগ দিলে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে

Rahul Gandhi: প্ৰিয়ংকাক লগত লৈ নিহত কৃষকৰ ঘৰত উপস্থিত ৰাহুল গান্ধী, সংগ দিলে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে

সাহস আছে যদি কৃষকক হত্যা কৰা অপৰাধীক জে'ললৈ পঠিয়াই দেখুওৱাক- ৰাহুল গান্ধী

সাহস আছে যদি কৃষকক হত্যা কৰা অপৰাধীক জে'ললৈ পঠিয়াই দেখুওৱাক- ৰাহুল গান্ধী

সাহস আছে যদি কৃষকক হত্যা কৰা অপৰাধীক জে'ললৈ পঠিয়াই দেখুওৱাক- ৰাহুল গান্ধী

  • Share this:

বুধবাৰে উত্তৰ প্ৰদেশৰ মৃত কৃষকৰ ঘৰত উপস্থিত হ'ল ৰাহুল গান্ধী। ভনীয়েক প্ৰিয়ংকা গান্ধীক লগত লৈ ৰাহুল গান্ধীয়ে  বুধবাৰে লখিমপুৰৰ খেৰীত নিহত কৃষক লাভপ্ৰীত সিং আৰু নাচতাৰ সিঙৰ গৃহত উপস্থিত হ'ল। ৰাহুল–প্ৰিয়ংকাক সংগ দিলে পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী আৰু ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে। এই ভ্ৰমণকালত উপস্থিত থাকে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সূৰ্যৱালা।


উল্লেখ্য যে মঙলবাৰে সীতাপুৰত গৃহবন্দী কৰি ৰখা প্ৰিয়ংকা গান্ধীক আজি পুৱাই উত্তৰ প্ৰদেশ চৰকাৰে মুক্তি দিয়ে। ৰাহুল গান্ধী প্ৰথম সীতাপুৰৰ পিএচি গেষ্ট হাউছলৈ যায় আৰু তাৰ পৰা তেওঁ খেৰীত নিহত কৃষকৰ ঘৰলৈ ৰাওনা হয়। অৱশ্যে প্ৰথম অৱস্থাত ৰাহুল গান্ধীক কৃষকৰ ঘৰলৈ যাবলৈ জিলা প্ৰশাসনে অনুমতি দিয়া নাছিল।


কিন্তু ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে লক্ষ্ণৌ বিমান বন্দৰতে ধৰ্ণাত বহে। ৰাহুল গান্ধীক তেতিয়া জিলা প্ৰশাসনে আৰক্ষীৰ গাড়ীত খেৰীলৈ যোৱাৰ অনুমতি দিয়ে। কিন্তু ৰাহুল গান্ধীয়ে চৰকাৰৰ এই প্ৰস্তাৱৰো তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ অব্যাহত  ৰখাত তেওঁক প্ৰশাসনে পিছত অনুমতি প্ৰদান কৰে।


ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমক ক্ষোভেৰে কয়, "মোক অথবা প্ৰিয়ংকাক জে'ললৈ পঠোৱাত মোৰ কোনো আপত্তি নাই। কিন্তু কৃষক হত্যাকাৰী অপৰাধীসকলক চৰকাৰে কিয় জে'ললৈ পঠাব নোৱাৰে? ইয়াৰ পৰিৱৰ্তে নিপীড়িত কৃষকৰ খবৰ লোৱাত আমাক চৰকাৰে কিয় বাধা দিছে?"

Published by:Gautam Barman
First published: