১২ দিন ধৰি জেৰাৰ সন্মুখীন, মঙলবাৰেও মাজনিশা ইডিৰ কাৰ্যালয়ৰ পৰা ওলাল ৰাহুল গান্ধী। পাঁচ দিনত ৫০ ঘণ্টাৰো অধিক সময় কংগ্ৰেছ নেতাজনক জেৰা কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। বুধবাৰে ৰাহুল গান্ধীক পুনৰ নতুনকৈ তলব কৰা হোৱা নাই।
নেচনেল হেৰাল্ড গোচৰত বিগত সপ্তাহত ৰাহুল গান্ধীক তিনিদিন জেৰা কৰিছিল ইডিয়ে। ইয়াৰ পিছত মাতৃ ছোনিয়া গান্ধী অসুস্থ হৈ হাস্পতালত ভৰ্তি হোৱাত সোধা–পোছাৰ বাবে কিছুদিন বিৰতি দিয়া হয়। পুনৰ সোমবাৰে তলব কৰা হয় কংগ্ৰেছ নেতাজনক। সোমবাৰেও ৰাহুল গান্ধীক ১০ ঘণ্টা জেৰা কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। মঙলবাৰে পুনৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হয় ৰাহুল গান্ধী।
মঙলবাৰে অৱশ্যে ৰাহুল গান্ধীৰ জেৰা ইমানেই দীৰ্ঘ সময় ধৰি চলে যে এটা সময়ত কংগ্ৰেছ শিবিৰতো উৎকণ্ঠাই দেখা দিয়ে। দিল্লীত কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হয় ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটসহ কেইবাজনো শীৰ্ষ নেতা। অৱশেষত মাজনিশা ১২ বজাৰ পিছত যাবলৈ দিয়া হয় ৰাহুল গান্ধীক। বৃহস্পতিবাৰে ছোনিয়া গান্ধীৰো ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ কথা। ৰাহুল গান্ধীৰ পিছত এতিয়া ছোনিয়া গান্ধীক সোধা–পোছাৰ বাবে প্ৰস্তুতি চলাইছে ইডিয়ে। ছোনিয়া গান্ধীক জেৰাৰ পিছত পুনৰ প্ৰয়োজন হ’লে ৰাহুলক জেৰা কৰা হ’ব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|