কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) সাংসদ পদ খাৰিজ কৰাৰ পিছত আজি প্ৰথমবাৰ এখ সংবাদমেলৰ আয়োজন কৰে (Rahul Gandhi Press Conference)। প্ৰিয়ংকা গান্ধীৰ সৈতে দিল্লীস্থিত কংগ্ৰেছৰ- (Congress) মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।
ৰাহুল গান্ধীয়ে সংবাদমেলত কয়, ‘‘মই আপোনালোকক বহুবাৰ কৈছো যে হিন্দুস্তানত গণতন্ত্ৰৰ ওপৰত আক্ৰমণ হৈ আছে। আমি দৈনিক ইয়াৰ উদাহৰণ পাওঁ। মই এটা প্ৰশ্ন কৰিছিলো যে আদানী জীৰ শ্বেল কোম্পানী আছে, তাত ২০ হাজাৰ কোটি টকা কোনোবাই বিনিয়োগ কৰিছে। প্ৰশ্ন এয়াই যে ২০ হাজাৰ কোটি টকা কাৰ?
তেওঁ কয়, ‘‘মই মিডিয়া ৰিপ’ৰ্টৰ পৰা উলিওৱা প্ৰমাণ সংসদত দি আদানী আৰু মোদী জীৰ সম্পৰ্কৰ কথা কৈছো। সম্পৰ্ক নতুন নহয় পুৰণি। যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল, তেতিয়াৰে পৰা সম্পৰ্ক আছে। মই বিমানৰ ফটো দেখুপৱাইছো। নৰেন্দ্ৰ মোদীয়ে নিজৰ বন্ধুৰ সৈতে আৰামত বহি আছিল। মই সংসদত ফটো দেখুৱাইছো।’’
ৰাহুল গান্ধীয়ে লগতে কয়, ‘‘দেশত গণতন্ত্ৰৰ ওপৰত আক্ৰমণ হৈ আছে। সংসদত মন্ত্ৰীসকলে মোৰ বিৰুদ্ধে মিছা মাতিলে। সংসদৰ পৰা মোৰ ভাষণ আঁতৰাই দিয়া হ’ল। মই প্ৰশ্ন কৰা বন্ধ নকৰো। মই ভয় কৰা মানুহ নহয়।’’
ৱাইনাদৰ প্ৰাক্তন সাংসদজনে কয়, ‘যদি এয়া ভাবিছে যে মোক অযোগ্য ঘোষিত কৰি, ভয়–ভাবুকি দি, জে’লত বন্ধ কৰি মোক স্তব্ধ কৰিব পাৰিব, সেয়া নহ’ব। মোৰ সেই ইতিহাস নাই। মই হিন্দুস্তানৰ গণতন্ত্ৰৰ বাবে যুঁজি যাম। মই কাকো ভয় নকৰো, এয়া সঁচা কথা।’
কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষজনক দোষী সাব্য কৰাৰ এদিন পিছত শুকুৰবাৰে লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হয়। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিছত শনিবাৰে কংগ্ৰেছে দেশজুৰি প্ৰতিবাদ সাব্য কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 25, 2023, 13:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।