'চকীদাৰেই চোৰ’–উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধীৰ ওলোটা খৰ, 'অনিয়ন্ত্ৰিত' আৱেগৰ বাবে খেদ প্ৰকাশ!

বিজেপি সাংসদ মীনাক্ষী লেখিৰ আৱেদনৰ ভিত্তিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত বিশেষ মণ্ডলীয়ে স্পষ্ট কৰি দিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এনে কোনো টিপ্পনী কৰা নাছিল। সৰ্বোচ্চ ন্যায়ালয়ে কয় ৰাহুল গান্ধীয়ে আদালতৰ মন্তব্য ভুলকৈ উপস্থাপন কৰিছে।

news18assam
Updated:April 22, 2019, 3:46 PM IST
'চকীদাৰেই চোৰ’–উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধীৰ ওলোটা খৰ, 'অনিয়ন্ত্ৰিত' আৱেগৰ বাবে খেদ প্ৰকাশ!
বিজেপি সাংসদ মীনাক্ষী লেখিৰ আৱেদনৰ ভিত্তিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত বিশেষ মণ্ডলীয়ে স্পষ্ট কৰি দিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এনে কোনো টিপ্পনী কৰা নাছিল। সৰ্বোচ্চ ন্যায়ালয়ে কয় ৰাহুল গান্ধীয়ে আদালতৰ মন্তব্য ভুলকৈ উপস্থাপন কৰিছে।
news18assam
Updated: April 22, 2019, 3:46 PM IST
ৰাফেল চুক্তি প্ৰসংগত কৰা ‘চকীদাৰেই চোৰ’ মন্তব্যক লৈ ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত খেদ প্ৰকাশ কৰিছে। ৰাফেল চুক্তিক লৈ ৰাহুল গান্ধীয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই ভাষ্যৰে কটাক্ষ কৰিছিল। এক সংবাদমেলত তেওঁ মন্তব্য কৰিছিল যে এতিয়া উচ্চতম ন্যায়ালয়েও চকীদাৰেই চোৰ এই কথা মানি লৈছে। ৰাহুল গান্ধীৰ এই মন্তব্য আদালতৰ মজিয়া পাইগৈ, বিজেপি সাংসদ মীনাক্ষী লেখিয়ে আদালত অৱমাননাৰ অভিযোগ দাখিল কৰিছিল। এই অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ গৈ ৰাহুল গান্ধীয়ে কয় যে উত্তেজিত হৈ অত্যাধিক আৱেগ দমন কৰিব নোৱাৰিয়ে তেওঁ এই মন্তব্য কৰিছিল।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ৰাফেল চুক্তিৰ ৰাজহুৱা হোৱা নথি বৈধ বুলি স্বীকাৰ কৰি ৰাফেল চুক্তিৰ পুনৰ বিচাৰৰ আৱেদন স্বীকাৰ কৰিছিল। বিজেপি সাংসদ মীনাক্ষী লেখিৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত ন্যায়াধীশ মণ্ডলীয়ে স্পষ্ট কৰি দিয়ে যে আদালতে প্ৰধানমন্ত্ৰী সন্দৰ্ভত এনে কোনো বিশেষ মন্তব্য কৰা নাছিল। উচ্চতম ন্যায়ালয়ে লগতে কয় যে ৰাহুল গান্ধীয়ে আদালতৰ ভাষ্য ভুলকৈ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আদালতে ৰাহুল গান্ধীক ২২ এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছিল। নিজৰ উত্তৰত ৰাহুল গান্ধীয়ে নিজৰ ব্যক্তব্যক লৈ খেদ প্ৰকাশ কৰি আৱেগৰ আতিশয্যত এই ভাষ্য কৰাৰ যুক্তি দিয়ে।

উল্লেখযোগ্য যে যোৱা ১০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে ৰাফেল সন্দৰ্ভত ৰিভিউ পেটিশ্যনত নতুন নথিৰ আধাৰত শুনানি গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। মুখ্য ন্যায়াধীশৰ অধ্যক্ষতাত ৩জনীয়া সদস্যৰ এক বিচাৰপীঠে সৰ্বসন্মত মত প্ৰকাশ কৰিছিল। কোৱা হৈছিল যে এই বিষয়ত যি নতুন নথি পোহৰলৈ আহিছে সেই সমূহৰ আধাৰত ৰিভিউ পেটিশ্যনৰ শুনানি গ্ৰহণ কৰা হ’ব। এই ঘোষণাৰ পিছতে ৰাহুল গান্ধীয়ে সংবাদমেলত কৈছিল যে এতিয়া উচ্চতম ন্যায়ালয়ে চকীদাৰেই চোৰ এই কথা মানি লৈছে। ৰাহুল গান্ধীয়ে কৈছিল

উচ্চতম ন্যায়ালয়ে পৰিষ্কাৰ কৰি দিছে যে চকীদাৰ মহাশয়ে চুৰি কৰোৱাইছিল। উচ্চতম ন্যায়ালয়ে মানি লৈছে যে ৰাফেল বিষয়ত কিবা নহয় কিবা দুৰ্নীতি হৈছে আছে, কিবা নহয় কিবা ভ্ৰষ্টাচাৰ হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি