মুখ্যপৃষ্ঠা »খবৰ »দেশ »Piyush Goyal at News18 Rising India: ‘সমগ্ৰ অনগ্ৰসৰ শ্ৰেণীক অপমান কৰিও ক্ষমা নিবিচাৰিলে ৰাহুল গান্ধীয়ে’, ৰাইজিং ইণ্ডিয়া ছামিটত মন্তব্য পীয়ুষ গোৱেলৰ

Piyush Goyal at News18 Rising India: ‘সমগ্ৰ অনগ্ৰসৰ শ্ৰেণীক অপমান কৰিও ক্ষমা নিবিচাৰিলে ৰাহুল গান্ধীয়ে’, ৰাইজিং ইণ্ডিয়া ছামিটত মন্তব্য পীয়ুষ গোৱেলৰ

কৰ্ণাটকত এখন সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়, ‘সকলো চোৰৰে উপাধি মোদী কিয়? ৰাহুল গান্ধীয়ে সেই সময়ত ললিত মোদী, নীৰৱ মোদীৰ নাম লৈছিল। ইয়াৰ পিছতে পূৰ্ণেশ মোদী নামৰ এজন বিজেপি নেতাই ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

  • Share this:
‘সমগ্ৰ অনগ্ৰসৰ শ্ৰেণীক অপমান কৰিও ক্ষমা নিবিচাৰিলে ৰাহুল গান্ধীয়ে’, বুধবাৰে News18 Rising India ছামিটৰ তৃতীয় সংস্কৰণত এই মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে।

কৰ্ণাটকত এখন সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়, ‘সকলো চোৰৰে উপাধি মোদী কিয়? ৰাহুল গান্ধীয়ে সেই সময়ত ললিত মোদী, নীৰৱ মোদীৰ নাম লৈছিল। ইয়াৰ পিছতে পূৰ্ণেশ মোদী নামৰ এজন বিজেপি নেতাই ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। মোদী সমাজক লৈ আপত্তিজনক মন্তব্য কৰাৰ বাবে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহে চুৰাটৰ এখন আদালতে। সেই নিৰ্দেশৰ পিছতে সংসদৰ পৰা ৰাহুল গান্ধীৰ সদস্যপদ বাতিল কৰা হয় যদিও তেওঁ জামিন লাভ কৰিছিল। জামিন পালেও জনপ্ৰতিনিধি আইন অনুসৰি তেওঁৰ সাংসদ পদ বাতিল কৰা হয়। তাক লৈ উত্তাল হয় দেশৰ ৰাজনীতি। ৰাহুল গান্ধীয়ে নিজেই কৈছিল, ইয়াৰ পিছতো তেওঁ সমালোচনা বন্ধ নকৰে। গ্ৰেপ্তাৰ হ’লেও চৰকাৰক সমালোচনা কৰি যাব।

পীয়ুষ গোৱেলে লগতে কয়, ‘ৰাহুললৈ চৰকাৰী বাংলো খালী কৰিবলৈ প্ৰেৰণ কৰা জাননীখন আইন অনুসৰি আছিল। এয়াই নিয়ম যে যদি সাংসদ হৈ নাথাকে তেন্তে ৩০ দিনৰ ভিতৰত বাংলো খালী কৰিব লাগে। যদি তেওঁ সময়সীমা বৃদ্ধি কৰিব বিচাৰে তেন্তে তেওঁ হাউছিং কমিটীক অনুৰোধ কৰিব পাৰে। দিল্লীত তেওঁৰ তিনিটা ঘৰ আছে। মল্লিকাৰ্জুন খৰ্গেও নিজৰ ঘৰ আগবঢ়াইছে।' লোকসভাৰ সদস্যৰ বাবে নিৰ্দিষ্ট বাংলো খালী কৰাৰ বাবে পত্ৰ গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ। এই চিঠিখন ২৭ মাৰ্চত প্ৰেৰণ কৰা হৈছিল। তাত কোৱা হৈছে যে ৰাহুলে ১২ টুগলক লেনত থকা চৰকাৰী বাংলো এৰিব লাগিব। ইয়াৰ বাবে তেওঁ অহা মাহৰ অৰ্থাৎ ২২ এপ্ৰিললৈকে সময় পাব। ২৩ তাৰিখৰ পৰা তেওঁৰ বাবে নিৰ্ধাৰিত বাসস্থান তেওঁৰ বাবে উপলব্ধ নহ’ব।

পীয়ুষ গোৱালক সোধা হ’ল, তেওঁৰ নায়ক কোন? উত্তৰত গোৱালে কয়, “সকলোৰে জীৱনত কেইবাজনো নায়ক থাকে। মাত্ৰ এজন ব্যক্তিৰ আদৰ্শ অনুসৰণ কৰাটো ভাল নহয়। আজি মই প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কাম কৰি আছো। আমি তেওঁৰ পৰা বহু কথা শিকিছো। প্ৰধানমন্ত্ৰী মোৰ প্ৰেৰণা। যদি মোক এজন নায়কৰ কথা কোৱা হয়, তেন্তে প্ৰধানমন্ত্ৰী মোদী মোৰ বাবে হিৰো নং ১।”

শেহতীয়া বাতৰি