"মই ভয় খাইছো যে অসমৰ বিজেপিৰ নীতিয়ে ৰাজ্যখনক আকৌ হিংসাৰ বাটলৈ লৈ নাযায়তো" "মই ভয় খাইছো যে অসমৰ বিজেপিৰ নীতিয়ে ৰাজ্যখনক আকৌ হিংসাৰ বাটলৈ লৈ নাযায়তো" অসমত শান্তি সম্প্ৰীতি নষ্ট কৰাৰ অধিকাৰ কাকো দিয়া নহ’ব। নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ৰাহুল গান্ধীয়ে গুৱাহাটীৰ জনসভাত অংশ লৈ অসম চুক্তিৰ কথা ফৰফৰাই কৈ যায়। কোনো কাৰণতে অসম চুক্তি উলংঘা কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে মন্তব্য কৰে,
"মই ভয় খাইছো যে অসমৰ বিজেপিৰ নীতিয়ে ৰাজ্যখনক আকৌ হিংসাৰ বাটলৈ লৈ নাযায়তো"
কেন্দ্ৰ আৰু অসমৰ বিজেপি চৰকাৰৰ নীতিয়ে এতিয়া ৰাজ্যখন আকৌ এবাৰ হিংসাৰ বাটলৈ উভতি যোৱাৰ বাট প্ৰশস্ত কৰিছে। তেওঁ আৰএছএছ আৰু বিজেপিক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি, ভাষা আৰু পৰিচয় বিঘ্নিত কৰিবলৈ দিয়া নহ’ব বুলি সকীয়নি দিয়ে।
অসম কেতিয়াও ঘৃণা তথা হিংসাৰ সৈতে প্ৰগতিৰ বাটত আগবাঢ়িব নোৱাৰে। সকলোৱে একেলগ হ’ব লাগিব আৰু বিজেপি নেতাসকলক ক’ব লাগিব যে তেওঁলোকে যাতে ৰাজ্যখনৰ সংস্কৃতি, পৰিচয় আৰু ইতিহাসৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে। আৰ এছ এছ আৰু বিজেপিক এই আক্ৰমণ কৰাত ৰোধিব লাগিব।
ৰাহুল গান্ধীয়ে কয় যে বিজেপি চৰকাৰে যুৱপ্ৰজন্ম, মাতৃ–ভগ্নী সকলৰ কথা শুনিব নোখোজে। CAAক লৈ ৰাহুলৰ মন্তব্য এয়া নোটবন্দী–২। ঘৃণা আৰু খঙেৰে অসম আগবাঢ়িব নোৱাৰে, ৰাহুল গান্ধীয়ে এই কথা কৈ মন্তব্য কৰে যে অসম চুক্তিৰ জৰিয়তে অসমত শান্তিৰ পৰিৱেশ ঘুৰি আহিছিল। এই চুক্তিৰ স্পৃহা শেষ কৰি দিব নালাগে।
Published by: Tulika Devi
First published: December 28, 2019, 17:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|