ৰাহুল গান্ধীৰ কৰা টুইটক লৈ গৃহমন্ত্ৰী অমিত শ্বাহে ক’লে- ৰাজনীতিৰ উৰ্ধ্বত থাকি মন্তব্য কৰক।
ৰাহুল গান্ধীৰ কৰা টুইটক লৈ গৃহমন্ত্ৰী অমিত শ্বাহে ক’লে- ৰাজনীতিৰ উৰ্ধ্বত থাকি মন্তব্য কৰক।
নৰেন্দ্ৰ মোদীয়ে আত্মসমৰ্পণ কৰিলে। লাডাখৰ ইছ্যুত প্ৰধানমন্ত্ৰীক এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বিগত কিছুদিন ধৰি লাডাখকলৈ প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ কৰি ইটোৰ পিছত সিটো টুইট কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে।
ৰাহুল গান্ধীয়ে লিখিছে যে, ‘নৰেন্দ্ৰ মোদী আচলতে চাৰেণ্ডাৰ মোদী। নিজৰ টুইটাৰত জাপানৰ এখন সংবাদপত্ৰৰ ৰিপৰ্টো টুইট কৰিছে ৰাহুল গান্ধীয়ে।
শণিবাৰেও প্ৰধানমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি টুইট কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুলে লিখিছিল যে, ‘চীনৰ ওচৰত আত্মসমৰ্পণ কৰছে প্ৰধানমন্ত্ৰী মোদীয়ে। সৰ্বদলীয় বৈঠকত ভাৰতৰ ভূমি চীনে দখল কৰা নাই বুলি প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ সন্দৰ্ভতো মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুলে কৈছিল যে, ‘চীনে যদি ভাৰতৰ ভূমি দখল কৰা নাই, তেন্তে কেনেদৰে শ্বহীদ হ’ল ভাৰতীয় জোৱান।’
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|