• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰাহুল গান্ধীৰ খং, ক’লে পুৰুষৰ সম্পত্তি নহয় মহিলা

ৰাহুল গান্ধীৰ খং, ক’লে পুৰুষৰ সম্পত্তি নহয় মহিলা

মনোহৰ লাল খট্টৰৰ মন্তব্যক লৈ এতিয়া বৃদ্ধি পাইছে বিতৰ্ক। হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এক মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে

  • Share this:
    মনোহৰ লাল খট্টৰৰ মন্তব্যক লৈ এতিয়া বৃদ্ধি পাইছে বিতৰ্ক। হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এক মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে। টুইটাৰত ৰাহুল গান্ধীয়ে কয় যে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী খট্টৰে কাশ্মীৰী মহিলাৰ ওপৰত কৰা মন্তব্য ঘৃণনীয়, মহিলাসকল পুৰুষৰ সম্পত্তি নহয় বুলিও টুইটাৰত উল্লেখ কৰে ৰাহুল গান্ধীয়ে।

    আনহাতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কাশ্মীৰৰ যুৱতী বোৱাৰী বনাব লাগে বুলি কৰা মন্তব্যক গৰিহণা দিছে দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালীৱালে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰৰ জনতাক বিশ্বাস দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে অশোভনীয় মন্তব্যৰে উচতাব বিচাৰিছে এগৰাকী মুখ্যমন্ত্ৰীয়ে। আৰু এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে গোচৰ তৰিব লাগে বুলি মত প্ৰকাশ কৰে দিল্লী মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে।
    First published: