গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত কি কথা কৈ ছচিয়েল মিডিয়াত ট্ৰ’ল হ’ল ৰাহুল বাজাজ?

News18 Assam | News18-Assam
Updated:December 1, 2019, 6:54 PM IST
গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত কি কথা কৈ ছচিয়েল মিডিয়াত ট্ৰ’ল হ’ল ৰাহুল বাজাজ?
তেওঁৰ এই মন্তব্যৰ পিছতে ছচিয়েল মিডিয়াত বহু লোকে ট্ৰ’ল কৰিছে বাজাজক। অৱশ্যে তেওঁৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে অমিত শ্বাহে।

তেওঁৰ এই মন্তব্যৰ পিছতে ছচিয়েল মিডিয়াত বহু লোকে ট্ৰ’ল কৰিছে বাজাজক। অৱশ্যে তেওঁৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে অমিত শ্বাহে।

  • Share this:
বাজাজ গ্ৰুপৰ অধ্যক্ষ ৰাহুল বাজাজে এক কাৰ্যসূচীত বিতৰ্কিত মন্তব্য কৰিছিল। এই কাৰ্যসূচীত উপস্থিত থকা অমিত শ্বাহৰ সন্মুখতে বাজাজে কৈছিল যে দেশত চৰকাৰক সমালোচনা কৰাৰ কাৰোৰে সাহস নাই আৰু চৌদিশে আতংকৰ পৰিৱেশে বিৰাজ কৰিছে। তেওঁৰ এই মন্তব্যৰ পিছতে ছচিয়েল মিডিয়াত বহু লোকে ট্ৰ’ল কৰিছে বাজাজক। অৱশ্যে তেওঁৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে অমিত শ্বাহে।

ইকন’মিক টাইমছে শনিবাৰে দিল্লীত আয়োজন কৰা এই কাৰ্যসূচীত অমিত শ্বাহো উপস্থিত আছিল। তেওঁৰ লগতে কাৰ্যসূচীত উপস্থিত আছিল বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলো।

ৰাহুল বাজাজৰ এই মন্তব্যক লৈ টুইটাৰত এজন ব্যৱহাৰকাৰীয়ে লিখিছে – ‘সঁচাই ৰাহুল বাজাজে এনেকুৱানেকি? ইউপিএৰ চৰকাৰৰ দিনত মানুহে যাক বিচাৰিছিল, তেওঁক সমালোচনা কৰিব পাৰিছিল? আপুনি নিজৰ মন্তব্য বিজেপিৰ অধ্যক্ষ অমিত শ্বাহৰ আগত দিছে। মোক এনেকুৱা ভিডিঅ’ দেখুৱাওক য’ত আপুনি ছোনিয়া গান্ধীৰ সন্মুখত সমালোচনা কৰিছে। তেনেকুৱা লিখনি দেখুৱাওক য’ত ছোনিয়া গান্ধীক সমালোচনা কৰা হৈছে।’


আনহাতে, ব্লুক্ৰাফ্ট ডিজিটেল ফাউণ্ডেচনৰ চিইঅ’ অখিলেশ মিশ্ৰই ৰাহুল বাজাজৰ মন্তব্যক সমালোচনা কৰি স্নেপডীলৰ চিইঅ’ কুণাল বহলৰ এক মন্তব্যৰ উদ্ধৃতি দিয়ে। তেওঁ কৈছিল – এতিয়াতকৈ পূৰ্বে কেতিয়াও ভাৰতত কোনো ঔদ্যোগীৰ বাবে ভাল সময় নাছিল।

বিজেপিৰ আই টি চেলৰ দায়িত্ববাহী অমিত মালব্যয়ো টুইটাৰত ৰাহুল বাজাজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। এই ভিডিঅ’টোত ৰাহুল বাজাজে ৰাহুল গান্ধীৰ প্ৰশংসা কৰা দেখা গৈছে। অমিত মালব্যই লিখিছে – ‘ৰাহুল বাজাজে কৈছে যে কোনো লোকৰ প্ৰশংসা কৰাটো মোৰ বাবে কঠিন, কিন্তু যদি ৰাহুল গান্ধী হয় তেন্তে তেওঁৰ প্ৰশংকা কৰিব পাৰি।’

গৃহ মন্ত্ৰী ৰাহুল বাজাজৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে অমিত শ্বাহে। শ্বাহে কয় যে কোনো লোকেই ভয় কৰাৰ প্ৰয়োজন নাই, কিন্তু যদি বাজাজে তেনেকৈ ভাবিছে তেন্তে আমি পৰিস্থিতি অধিক ভাল কৰাৰ চেষ্টা কৰিম। শ্বাহে কয় – ‘তাৰ পিছতো আপুনি যিটো কৈছে যে এটা পৰিৱেশ বিৰাজ কৰিছে, আমিও পৰিস্থিতি শুধৰাবৰ বাবে যত্ন কৰিব লাগিব। কিন্তু মই ক’ব বিচাৰো যে কোনো লোকেই ভয় কৰাৰ প্ৰয়োজন নাই। পাৰদৰ্শিতাৰে এইখন চৰকাৰ চলি আছে আৰু কোনো ধৰণৰ বিৰোধিতাৰ ভয় নাই আমাৰ। কোনোৱে বিৰোধিতা কৰিলে তেওঁৰ যোগ্যতা চাই আমি নিজকে শুধৰণিৰ চেষ্টা কৰিম।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি