ভাৰতৰ আকাশত পাঁচখনকৈ ৰাফেল যুদ্ধ বিমান, লেণ্ড কৰিলে আম্বালাৰ এয়াৰবেছত, চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:July 29, 2020, 4:51 PM IST
ভাৰতৰ আকাশত পাঁচখনকৈ ৰাফেল যুদ্ধ বিমান, লেণ্ড কৰিলে আম্বালাৰ এয়াৰবেছত, চাওক ভিডিঅ’
কিছু সময়ৰ পূৰ্বে ফ্ৰান্সৰ পৰা প্ৰথম পৰ্যায়ত অহা ৫ খন ৰাফেল যুদ্ধ বিমান ভাৰতত প্ৰৱেশ কৰিলে।

কিছু সময়ৰ পূৰ্বে ফ্ৰান্সৰ পৰা প্ৰথম পৰ্যায়ত অহা ৫ খন ৰাফেল যুদ্ধ বিমান ভাৰতত প্ৰৱেশ কৰিলে।

  • Share this:
কিছু সময়ৰ পূৰ্বে ফ্ৰান্সৰ পৰা প্ৰথম পৰ্যায়ত অহা ৫ খন ৰাফেল যুদ্ধ বিমান ভাৰতত প্ৰৱেশ কৰিলে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জনাই যে, ৰাফেল বিমান কেইখনক এছকৰ্ট কৰে Sukhoi 30 MKI-এ। ইতিমধ্যে আম্বালাৰ এয়াৰবেছত লেণ্ড কৰিছে ৰাফেল বিমান কেইখনে।

ৰাফেলৰ আগমনৰ লগে লগে দুগুণ বৃদ্ধি পাব ভাৰতৰ শক্তি। ২০১৬ চনতে ফ্ৰান্সৰ সৈতে ভাৰতৰ ৩৬খন ৰাফেল যুদ্ধ বিমানৰ বাবে চুক্তি হৈছিল। ভাৰতীয় বায়ুসেনাক অধিক শক্তিশালী কৰি তুলিব এই যুদ্ধ বিমানে।

যুদ্ধ বিমানসমূহ অহাক লৈ আম্বালা এয়াৰবেছত নিৰাপত্তা ব্যৱস্থা যিদৰে কটকটীয়া কৰি তোলা হৈছে, সেইদৰে এয়াৰবেছৰ পৰা ৩ কিলোমিটাৰ এলেকা ড্ৰোণ জ’ন ঘোষণা কৰা হৈছে। অৰ্থাৎ এই এলাকাত আকাশীপথত কোনো ধৰণৰ নজৰ দিব নোৱাৰিব।

চাওক ভিডিঅ’



আম্বালা সেনা ছাউনীৰ ডি এছ পি ৰাম কুমাৰে জনায়, ৰাফেল ৰখাৰ বাবে আম্বালা এয়াৰবেছক বাছনি কৰাটো গৌৰৱৰ বিষয়। ৰাফেল আম্বালা এয়াৰবেছত ৰখাৰ আঁৰত দেশৰ নিৰাপত্তাৰ বিষয়টো অত্যন্ত গুৰুত্ব দিয়া হৈছে। আম্বালাৰ পৰা চীন সীমান্ত মাত্ৰ ৩০০ কিলোমিটাৰ। এই মুহূৰ্তত চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক খুব এটা ভাল নহয়। সেয়েহে কোনো উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হ’লে যাতে ভাৰতীয় সেনাই নিজৰ এই যুদ্ধ বিমান কামত লগাব পাৰে, তাৰ বাবেই আম্বালা এয়াৰবেছত ৰখা হৈছে ৰাফেল।
Published by: Himangshu Bhuyan
First published: July 29, 2020, 4:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading