உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • R-Surakshaa: ৰিলায়েন্সৰ কোৰোণা ভেকচিনেশ্যন কাৰ্যসূচী, ১৮ বছৰৰ ওপৰৰ সকলো কৰ্মচাৰীক দিয়া হ'ব ভেকচিন

    R-Surakshaa: ৰিলায়েন্সৰ কোৰোণা ভেকচিনেশ্যন কাৰ্যসূচী, ১৮ বছৰৰ ওপৰৰ সকলো কৰ্মচাৰীক দিয়া হ'ব ভেকচিন

    অহা ১ মেৰ পৰা আৰম্ভ হ'ব R-Surakshaa অভিযান।

    অহা ১ মেৰ পৰা আৰম্ভ হ'ব R-Surakshaa অভিযান।

    অহা ১ মেৰ পৰা আৰম্ভ হ'ব R-Surakshaa অভিযান।

    • Share this:
    ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে নিজৰ কৰ্মচাৰীৰ বাবে আৰম্ভ কৰিছে বিশেষ কোৰোণা টিকাকৰণ অভিযান। দেশত আগশাৰীৰ প্ৰতিষ্ঠানটোত কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে আৰম্ভ কৰা এই কাৰ্যসূচীৰ নাম দিয়া হৈছে R-Surakshaa।

    অহা ১ মে'ৰ পৰা প্ৰতিষ্ঠানটোৱে নিজৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ লগতে ১৮ বছৰৰ ওপৰৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বাবে আৰম্ভ কৰিব কোৰোণা টিকাকৰণ কাৰ্যসূচী। এই সন্দৰ্ভত মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে কয় যে, 'বিগত কেইটামান সপ্তাহৰ পৰা কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা ভয়াৱহ গতিত বৃদ্ধি পাইছে। এই সময়ত আমি অধিক সচেতন হব লগিব। সকলো ধৰণৰ প্ৰতিকাৰ মানি চলিব লাগিব। আমি আহ্বান জনাইছো যে, কোনো ধৰণৰ পলম নকৰি, ১৮ বছৰৰ ওপৰৰ পৰিয়ালৰ সকলো সদস্যই ভেকচিন গ্ৰহণ কৰিব লাগে।'

    মুকেশ আম্ৱানীয়ে লগতে কয় যে, 'আমাৰ প্ৰথম প্ৰায়ৰিটি হ'ল আমাৰ নিজৰ কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক সুৰক্ষিত কৰি ৰখাতো। উল্লেখ্য যে, অহা ১ মে'ৰ পৰা আৰম্ভ হ'ব R-Surakshaa অভিযান।
    Published by:Himangshu Bhuyan
    First published: