সমগ্ৰ বিশ্বত এতিয়া কোৰোণাৰ সন্ত্ৰাস। তাৰ মাজতো ৰিলায়েন্স জিঅ’ৰ বাবে আহিছে ইটোৰ পিছত সিটো ভাল খবৰ। যেন এতিয়া নিজৰ ৰেকৰ্ড নিজেই ভংগ কৰিছে ৰিলায়েন্স জিঅ’ই। চলিত বছৰৰ ২২ এপ্ৰিলৰ পৰা এই পৰ্যন্ত জিঅ’ত বিনিয়োগ কৰিলে দেশ-বিদেশৰ ১৩টা প্ৰতিষ্ঠানে। এইবাৰ জিঅ’ত ৭৩০ কোটি টকা বিনিয়োগ কৰিছে ‘5G wireless tech’ কোম্পানীয়ে। এই চুক্তিৰ ফলত ৰিলায়েন্স জিঅ’ৰ ০.১৫ শতাংশ অংশীদাৰিত্ব লাভ কৰিব ‘5G wireless tech’ প্ৰতিষ্ঠানে।
![]()
Qualcomm হ’ল বিশ্বৰ আগশাৰীৰ wireless tech কোম্পানীৰ মাজত অন্যতম। ফেচবুক আৰু ইণ্টেলৰ পিছত জিঅ’ত এয়া হ’ল তৃতীয় বৃহত্ ষ্ট্ৰেটেজিক ইনভেষ্টমেণ্ট।
এই মুহূৰ্তলৈকে জিঅ’ৰ ২৫.২৪ শতাংশ শ্বেয়াৰ ক্ৰয়ৰ কৰিবলৈ ১৩টা দেশী-বিদেশী কোম্পানীয়ে বিনিয়োগ কৰিলে ধন। ল’ক ডাউনৰ মাজতো বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানে জিঅ’ত বিনিয়োগ কৰিবলৈ আগ্ৰহ দেখুওৱাটো নিশ্চয়কৈ এক শুভ লক্ষণ। বৰ্তমানলৈকে জিঅ’ত বিনিয়োগ কৰা সৰ্বমুঠ ধনৰ পৰিমান হৈছে ১,১৮,৩১৮.৪৫ কোটি টকা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|