• Home
  • »
  • News
  • »
  • nation
  • »
  • Money in the Pipeline: পানীৰ পাইপতো টকা, মুঠ ৪০ লাখ টকা উদ্ধাৰ... ক'ত কেনেদৰে? চাওক ভিডিঅ'

Money in the Pipeline: পানীৰ পাইপতো টকা, মুঠ ৪০ লাখ টকা উদ্ধাৰ... ক'ত কেনেদৰে? চাওক ভিডিঅ'

বিষয়াই জনোৱা মতে আৰু দুটা লকাৰ খুলিবলৈ বাকী আছে।

বিষয়াই জনোৱা মতে আৰু দুটা লকাৰ খুলিবলৈ বাকী আছে।

বিষয়াই জনোৱা মতে আৰু দুটা লকাৰ খুলিবলৈ বাকী আছে।

  • Share this:

অভিযন্তাৰ ঘৰৰ পৰা ওলাল ৪০ লাখ টকা আৰু সোণৰ গহনা। টকা বিচাৰি পোৱা যায় ঘৰৰ পাইপতো (Money in the Pipeline)। এই ঘটনা কৰ্ণাটকৰ। এগৰাকী অভিযন্তাৰ ঘৰত বুধবাৰে দুৰ্নীতি নিবাৰক শাখা (Anti-corruption Bureau)ই তালাচী অভিযান চলোৱাৰ পিছত জব্দ কৰা হয় ৪০ লাখ টকাৰ লগতে কেইবালাখৰ সোণৰ গহনা। বিষয়াই জনোৱা মতে আৰু দুটা লকাৰ খুলিবলৈ বাকী আছে।


কৰ্ণাটক (Karnataka)ৰ কালবুৰ্গী জিলাৰ এই দুৰ্নীতিগ্ৰস্ত অভিযন্তাৰ বাসগৃহত পানীৰ পাইপ আৰু চিলিঙত লুকুৱাই থোৱা অৱস্থাত টকাখিনি উদ্ধাৰ কৰে। লোকনিৰ্মাণ বিভাগত কাম কৰা অভিযন্তাৰ বাসগৃহত টকা উদ্ধাৰৰ বাবে বিষয়াসকলে প্লাম্বাৰ নিয়োগ কৰিব লগা হৈছিল।


অভিযানৰ দৃশ্যত এচিবিৰ বিষয়াসকলে অভিযন্তা(engineer)ৰ ঘৰৰ পানীৰ পাইপৰ পৰা ৫০০ টকাৰ নোট উলিয়াই থকা দেখা গৈছে। বিষয়াসকলৰ মতে, পাইপত ১০ লাখ টকা লুকুৱাই ৰখা হৈছিল আৰু ৬ লাখ টকা চিলিঙ (ceiling)ত লুকুৱাই ৰখা হৈছিল।






India News in Assamese 

কৰ্ণাটক ঠিকাদাৰ সংস্থাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এই অভিযান চলোৱা হৈছিল। এচিবি বিষয়াসকলে আজি কৰ্ণাটকৰ জিলাসমূহৰ বিভিন্ন বিষয়াৰ ঘৰত অভিযান চলাইছিল যদিও এইগৰাকী অভিযন্তাৰ ঘৰত টকা লুকুৱাই ৰখা কৌশল দেখি তবধ মানে বিষয়াসকলে।


News in Assamese | Latest News in Assamese
Published by:Gautam Barman
First published: