১৫ জুনৰ পিছতহে খুলিব পাৰে শ্বপিং মল, চিনেমা হলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পাৰে এই নিয়ম

News18 Assam | News18-Assam
Updated:May 18, 2020, 1:58 PM IST
১৫ জুনৰ পিছতহে খুলিব পাৰে শ্বপিং মল, চিনেমা হলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পাৰে এই নিয়ম
ল’ক ডাউনৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে চিনেমা উদ্যোগ। তাৰ মাজতে পিভিআৰ চিনেমাৰ ফালৰ পৰা জনোৱা মতে, জুন মাহৰ দ্বিতীয় সপ্তাহত খুলিব পাৰে চিনেমাগৃহ।

ল’ক ডাউনৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে চিনেমা উদ্যোগ। তাৰ মাজতে পিভিআৰ চিনেমাৰ ফালৰ পৰা জনোৱা মতে, জুন মাহৰ দ্বিতীয় সপ্তাহত খুলিব পাৰে চিনেমাগৃহ।

  • Share this:
বিশ্বৰ ভিতৰতে সৰ্বাধিক সময়ৰ ল’ক ডাউন ঘোষণা কৰিছে ভাৰত চৰকাৰে। ৩১ মে’ লৈকে বৃদ্ধি কৰা হৈছে ল’ক ডাউনৰ সীমা। তাৰ মাজতে CNBC TV18ৰ সৈতে হোৱা কথা-বাৰ্তাত PVRৰ চেয়াৰমেন অজয় বিজলীয়ে কয় যে, ১৫ জুনৰ আশে পাশে খুলিব পাৰে শ্বপিং মল। ইয়াৰ এক-দুই সপ্তাহৰ পিছত চিনেমা হল খোলাৰো মঞ্জুৰী প্ৰদানৰ সম্ভাৱনা আছে।



চিনেমা হলৰ ক্ষেত্ৰত প্ৰয়োজ্য হ’ব পাৰে এই নিয়মঃ
অজয় বিজলীয়ে লগতে কয় যে,‘চিনেমা হলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পাৰে বহু নতুন নিয়ম। যেনেদৰে, পৰিয়ালৰ সৈতে ছবি উপভোগ কৰিলে একেলগেই বহিবলৈ দিয়া হ’ব। কিন্তু অন্য দৰ্শকক বহোৱাৰ ক্ষেত্ৰত কিছু ব্যৱধান ৰখা হ’ব। ল’ক ডাউনৰ পিছত বহু ছবি ওচৰা ওচৰিকৈ মুক্তি পোৱাৰ সম্ভাৱনা আছে।

ক্ষতি হৈছে ছবি উদ্যোগৰঃ

ল’ক ডাউনৰ ফলত এতিয়া ব্যাপক ভাবে ক্ষতিৰ সন্মুখীন হৈছে চিনেমা উদ্যোগ। বহু বিগ বাজেটৰ ছবি এতিয়া মুক্তিৰ দিন অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাই দিয়া হৈছে। ৰোহিত ছেট্টীৰ সূৰ্যবংশী, ৰণবীৰ সিং অভিনীত ৮৩ আদি ছবি মুক্তিৰ ক্ষেত্ৰত আহি পৰিছে অনিশ্চয়তা।

বেয়াৰ পৰা কিছু ভাল দিনৰ আৰম্ভণি হোৱা অসমীয়া ছবিৰ উদ্যোগৰ ক্ষেত্ৰতো এতিয়া আহিছে ডাঙৰ প্ৰত্যাহ্বান। ৰবি শৰ্মাৰ ৰঘূপতি, যতীন-ৰবিয়ে অভিনয় কৰিবলগীয়া বাৰুদ-২, প্ৰস্তুতি পৰাশৰ পৰিচালিত ‘ৰাজকুমাৰী’ ছবিয়ে দৰ্শকৰ মাজত উচাহৰ সৃষ্টি হোৱাৰ সময়তে ল’ক ডাউনৰ ফলত ছবি সমূহৰ শ্বুটিং অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাই দিবলগীয়া হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading