• Home
  • »
  • News
  • »
  • nation
  • »
  • Subhdeep Sidhu Musewala : নিৰাপত্তাৰক্ষী আঁতৰোৱাৰ এদিন পিছতে হত্যা কংগ্ৰেছ নেতা তথা পাঞ্জাৱী গায়ক মুছেৱালাক

Subhdeep Sidhu Musewala : নিৰাপত্তাৰক্ষী আঁতৰোৱাৰ এদিন পিছতে হত্যা কংগ্ৰেছ নেতা তথা পাঞ্জাৱী গায়ক মুছেৱালাক

Firing on punjabi singer : বৈদ্যুতিক অভিযান্ত্ৰিক বিদ্যাত ডিগ্ৰীধাৰী মুছেৱালাৰ হত্যাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Firing on punjabi singer : বৈদ্যুতিক অভিযান্ত্ৰিক বিদ্যাত ডিগ্ৰীধাৰী মুছেৱালাৰ হত্যাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Firing on punjabi singer : বৈদ্যুতিক অভিযান্ত্ৰিক বিদ্যাত ডিগ্ৰীধাৰী মুছেৱালাৰ হত্যাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

  • Share this:
পাঞ্জাৱৰ জনপ্ৰিয় গায়ক তথা কংগ্ৰেছ নেতা শুভদীপ সিদ্ধু মুছেৱালা অচিনাক্ত ঘাতকৰ গুলীচালনাত নিহত হয়। গায়কগৰাকীক ৰাজ্যখনৰ মানছাৰ জৱাহৰ গাঁৱৰ ওচৰত আততায়ীয়ে গুলীয়ায়।

আহত মুছেৱালাক (Subhdeep Sidhu Musewala) চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত মানছা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে।

এই ঘটনাত আন দুজন লোকো আহত হৈছে। পাঞ্জাৱ আৰক্ষীয়ে মুছেৱালাকে ধৰি ৪২৪গৰাকী লোকৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ এদিন পিছতে এই ঘটনা সংঘটিত হৈছে। তথ্য অনুসৰি মুছেৱালাই কেইবাদিনো ধৰি ভাবুকি লাভ কৰি আহিছিল। এনে অৱস্থাত তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাক লৈ তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে।

তেওঁ কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল

শুভদীপ সিং সিদ্ধু তেওঁৰ অনুৰাগীসকলৰ মাজত সিদ্ধু মুছেৱালা নামেৰে জনপ্ৰিয় আছিল। আক্ৰমণটো তেতিয়া সংঘটিত হৈছিল যেতিয়া তেওঁ দুই বন্ধুৰ সৈতে পাঞ্জাৱৰ তেওঁলোকৰ গাঁও মানছালৈ গৈ আছিল। ২০২২ চনৰ পাঞ্জাৱ বিধানসভা নিৰ্বাচনত সিদ্ধু মুছেৱালাই কংগ্ৰেছৰ টিকটত মানছাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ আম আদমী পাৰ্টীৰ ড০ বিজয় চিংলাৰ হাতত পৰাজিত হৈছিল।

উল্লেখ্য, শুভদীপ সিং সিদ্ধু গেংষ্টাৰ ৰেপৰ বাবে বিখ্যাত হৈছিল। বৈদ্যুতিক অভিযান্ত্ৰিক বিদ্যাত ডিগ্ৰীধাৰী মুছেৱালাৰ হত্যাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by:Gautam Barman
First published: