স্বাভাৱিকতে এই বৃদ্ধ বয়সত এই বৃহৎ পৰিমাণৰ ধন লাভ কৰি আচৰিত হৈ পৰিছিল আশা ৰাণী। তেওঁ কৈছিল যে তেওঁ আৰম্ভণিতে এই সকলোবোৰ বিশ্বাস কৰিব পৰা নাছিল। আনে যিদৰে সৌভাগ্যৰ আশাত লটাৰী টিকট ক্ৰয় কৰে, ঠিক সেইদৰে তেওঁ কৰিছিল। তেওঁ কল্পনাও কৰা নাছিল যে এই আশা পূৰণ হ'ব। কিন্তু এতিয়া তেওঁৰ মনত নতুন আশাৰ সঞ্চাৰ হৈছে। তেওঁ বুজিছে যে জীৱনৰ অভাৱবোৰ এইবাৰ দূৰ হ’ব।
মহিলাগৰাকীয়ে কৈছিল যে তেওঁলোকে এই ধনেৰে এটা ঘৰ বনাব। পুৰণি ঘৰত কোঠাৰ অভাৱ, ঠেলা–হেঁচাকৈ থাকিবলগীয়া হয়। গতিকে এইবাৰ তেওঁ পৰিয়ালৰ সদস্যসকলক কিছু আৰাম দিব বিচাৰে। ঘৰ নিৰ্মাণৰ পিছত হাতত থকা ধন ব্যৱসায় উন্নত কৰাৰ স্বাৰ্থত ব্যয় কৰা হ'ব।