মুখ্যপৃষ্ঠা »খবৰ »দেশ »খালিস্তানী অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীৰ ব্যাপক অভিযান, ডিব্ৰুগড়লৈ স্থানান্তৰ গ্ৰেপ্তাৰ হোৱা ৪ খালিস্তানীক

খালিস্তানী অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীৰ ব্যাপক অভিযান, ডিব্ৰুগড়লৈ স্থানান্তৰ গ্ৰেপ্তাৰ হোৱা ৪ খালিস্তানীক

খালীস্তানী সমৰ্থক পলাতক অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীৰ মাৰাথন অভিযান

খালীস্তানী সমৰ্থক পলাতক অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীৰ মাৰাথন অভিযান

শেহতীয়াকৈ, গ্ৰেপ্তাৰ হোৱা অমৃতপালৰ সহযোগী ৪ খালিস্তানীক আজি ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হৈছে আৰু অসম আৰক্ষীৰ তত্বাৱধানত আছে। ধৃত অভিযুক্তক ডিব্ৰুগড় কাৰাগাৰত ৰখা হ’ব বুলি জানিব পৰা গৈছে।

  • Share this:
খালিস্তানী নেতা তথা ৱাৰিছ পঞ্জাব দেৰ মুৰব্বী অমৃতপাল সিং পলাতক। খালিস্তানী নেতাগৰাকীক পলাতক ঘোষণা পঞ্জাৱ আৰক্ষীৰ। জলন্ধৰৰ নাকোদাৰৰ পৰা পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি প্ৰথমে তথ্য প্ৰকাশ হৈছিল যদিও পিছত এই খবৰ নস্যাৎ কৰিছে পঞ্জাৱ আৰক্ষীয়ে।

অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত খালিস্তানী নেতাগৰাকীৰ ৭৮ গৰাকী সমৰ্থক সহযোগীক গ্ৰেপ্তাৰ কৰিছে। অমৃতপালৰ সহযোগীসকলক অজ্ঞাত স্থানত ৰাখি সোধা-পোছা অব্যাহত ৰাখিছে পঞ্জাৱ আৰক্ষীয়ে। এতিয়াও অমৃতপালক সিঙক বিচাৰি অভিযান অব্যাহত ৰাখিছে পঞ্জাৱ আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে অমৃত পাল সিঙৰ দুখনকৈ গাড়ী। এই অভিযানৰ পিছতে ৰাজ্যখনত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে। অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহ’বৰ বাবে পঞ্জাৱৰ কেইবাখনো জিলাত বিচ্ছিন্ন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা। দেওবাৰলৈ বন্ধ কৰি দিয়া হৈছে সকলো মোবাইল এণ্টাৰনেট, SMS সেৱা। ইপিনে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ চৰকাৰৰ সৈতে সঘনাই যোগাযোগত আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়। আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। শনিবাৰে অৰ্ধশতাধিক আৰক্ষীৰ বাহনেৰে খেদি খেদি কৰায়ত্ত কৰে অমৃতপালৰ সহযোগীক। উল্লেখ্য যে বিগত মাহত অমৃতপাল সিং আৰু সমৰ্থক সকলে আৰক্ষীৰ বেৰিকেড ভাঙি অস্ত্ৰ-শস্ত্ৰ লৈ উত্তাল কৰিছিল আজনালা আৰক্ষী থানা। পূৰ্বে গ্ৰেপ্তাৰ কৰা এগৰাকী সমৰ্থকৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ সৈতে লিপ্ত হৈছিল সংঘৰ্ষত।

শেহতীয়াকৈ, গ্ৰেপ্তাৰ হোৱা অমৃতপালৰ সহযোগী ৪ খালিস্তানীক আজি ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হৈছে আৰু অসম আৰক্ষীৰ তত্বাৱধানত আছে। ধৃত অভিযুক্তক ডিব্ৰুগড় কাৰাগাৰত ৰখা হ’ব বুলি জানিব পৰা গৈছে।

অমৃতপাল সিং কোন?
অমৃতপাল সিং ৱাৰিছ পঞ্জাৱ দে সংগঠনৰ মুৰব্বী। মাত্ৰ চাৰি মাহ পূৰ্বে ৱাৰিছ পঞ্জাৱ দেৰ বাঘজৰী হাতত লৈছে অমৃতপাল সিঙে। অমৃতসৰৰ জাণ্ডুপুৰ খেৰাৰ বাসিন্দা অমৃতপাল। ২০১২ চনৰ পূৰ্বে অমৃতপালৰ পৰিয়াল ডুবাইলৈ ৰাওনা হৈছিল। তাতেই পৰিয়ালটোৱে পৰিবহণৰ ব্যৱসায় আৰম্ভ কৰিছিল। ২০১৩ চনত অমৃতপালে ডুবাইত পৰিবহণৰ কাম চোৱাচিতা কৰিবলৈ আৰম্ভ কৰে। ২০২২ চনৰ আগষ্ট মাহত অমৃতপাল ডুবাইৰ পৰা পঞ্জাৱলৈ উভতি আহে। অক্টোবৰ মাহত অমৃতপালে জাৰ্নেল সিং ভীন্দ্ৰৱালাৰ গাঁও ৰ’ডত ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ সংগঠনটোৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে। এই সংগঠনটো দিল্লী হিংসাৰ অভিযুক্ত দীপ সিদ্ধুৱে গঠন কৰিছিল। সংগঠনৰ দায়িত্ব লোৱাৰ পাছতেই অমৃতপালে নিজকে জাৰ্নেল সিং ভিন্দ্ৰৱালাৰ অনুগামী বুলি অভিহিত কৰি শিখ যুৱক-যুৱতীসকলক পৰৱৰ্তী যুদ্ধৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছিল।

কেতিয়া চৰ্চালৈ আহিছিল অমৃতপাল সিং?

পঞ্জাৱৰ ৰূপনগৰ জিলাৰ চামকৌৰ চাহিবৰ ৱাৰিন্দৰ সিঙে লাভপ্ৰীত সিং আৰু অমৃতপালকে ধৰি মুঠ ৩০ জনৰ বিৰুদ্ধে অপহৰণ আৰু আক্ৰমণৰ অভিযোগ দাখিল কৰাৰ পাছতেই চৰ্চালৈ আহিছিল অমৃতপাল সিং। এই অভিযোগৰ পাছতেই লাভপ্ৰীত আৰু আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। ইতিমধ্যে এজন অভিযুক্তক আৰক্ষীয়ে মুকলি কৰি দিছিল যদিও লাভপ্ৰীতক মুকলি কৰি দিবলৈ অমৃতপালে থানাৰ বাহিৰত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰ প্ৰদান কৰে। ২৩ ফেব্ৰুৱাৰীত সমৰ্থকসকলৰ সৈতে অমৃতপালে শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ পবিত্ৰ ৰূপ লৈ থানাত উপস্থিত হয়। আৰক্ষীয়ে তেওঁক বাধা দিবলৈ চেষ্টা কৰাত উত্তেজিত ৰাইজে বেৰিকেড ভাঙি তৰোৱাল আৰু বন্দুকৰে থানাত আক্ৰমণ চলায়। এই আক্ৰমণত আৰক্ষী অধীক্ষককে ধৰি ছয়জন আৰক্ষী আহত হয়

অমৃতপালৰ বিৰুদ্ধে কঠোৰ চৰকাৰঃ
চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰাই পঞ্জাৱ চৰকাৰে অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ পৰিকল্পনা কৰিছিল। যোৱা ২ মাৰ্চত মুখ্যমন্ত্ৰী ভগৱন্ত মানে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত্‍ কৰি ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত আলোচনাত বহিছিল। এই আলোচনাত কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰাপত্তা সংস্থাসমূহে একেলগে কাম কৰি নিৰাপত্তা সম্পৰ্কীয় সকলো সমস্যাৰ সৈতে মোকাবিলা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজনলা কাণ্ডৰ পিছত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অতি গুৰুত্বপূৰ্ণ আছিল। প্ৰায় ৪০ মিনিটৰ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীক সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰ যোগানৰ বাবে ড্ৰ’ন ব্যৱহাৰৰ বিষয়ে অৱগত কৰে।

শেহতীয়া বাতৰি