• Home
  • »
  • News
  • »
  • nation
  • »
  • Ludhiana Court Blast : পঞ্জাবৰ মুখ্যমন্ত্ৰীক আত্মঘাতী বোমাৰুৱে আক্ৰমণৰ চেষ্টা চলাইছিল নেকি? সন্দেহৰ আৱৰ্তত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন

Ludhiana Court Blast : পঞ্জাবৰ মুখ্যমন্ত্ৰীক আত্মঘাতী বোমাৰুৱে আক্ৰমণৰ চেষ্টা চলাইছিল নেকি? সন্দেহৰ আৱৰ্তত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন

পঞ্জাৱ আৰক্ষীৰ এক সূত্ৰৰ মতে আত্মঘাতী বোমাৰুৱে পৰিকল্পনা কৰাৰ পূৰ্বেই ভুলক্ৰমে এই বোমা বিস্ফোৰিত হৈছিল।

পঞ্জাৱ আৰক্ষীৰ এক সূত্ৰৰ মতে আত্মঘাতী বোমাৰুৱে পৰিকল্পনা কৰাৰ পূৰ্বেই ভুলক্ৰমে এই বোমা বিস্ফোৰিত হৈছিল।

পঞ্জাৱ আৰক্ষীৰ এক সূত্ৰৰ মতে আত্মঘাতী বোমাৰুৱে পৰিকল্পনা কৰাৰ পূৰ্বেই ভুলক্ৰমে এই বোমা বিস্ফোৰিত হৈছিল।

  • Share this:
বৃহস্পতিবাৰে পঞ্জাবৰ (Punjab Blast) লুধিয়ানা জিলা আদালতত হোৱা বোমা বিস্ফোৰণত (Ludhiana Court Blast) এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও অধিবক্তা আৰু আৰক্ষীৰ লোক আহত হয়। আহতসকলৰ মাজৰ কেইবাজনৰো অৱস্থা অতি সংকটজনক। ইতিমধ্যে ঘটনাস্থলীত NSGৰ দল উপস্থিত হৈ তদন্ত চলাইছে। কিন্তু এই বিস্ফোৰণৰ পিছতে আন এটা বিষয়ক লৈ চিন্তিত হৈ পৰিছে পঞ্জাব আৰক্ষী। কাৰণ বিস্ফোৰণ সংঘটিত হোৱাৰ পৰা মাত্ৰ ২২ কিলোমিটাৰ নিলগত পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ চৰণজিৎ চান্নীৰ নিৰ্বাচনী ৰে’লী আছিল। সেয়ে আৰক্ষীৰ সন্দেহ আত্মঘাতী বোমাৰুৱে এই ৰেলীক টাৰ্গেট কৰিয়ে বিস্ফোৰণ ঘটাব বিচৰা নাছিলটো!

পঞ্জাৱ আৰক্ষীৰ এক সূত্ৰৰ মতে আত্মঘাতী বোমাৰুৱে পৰিকল্পনা কৰাৰ পূৰ্বেই ভুলক্ৰমে এই বোমা বিস্ফোৰিত হৈছিল। সেয়ে ক্ষয়-ক্ষতিৰ পৰিমাণ কম হৈছিল। কিন্তু নিৰ্বাচনী সভাৰ মাজত এই বোমা বিস্ফোৰিত হোৱা হ'লে আৰু বহু লোকৰ প্ৰাণহানি হ'লহেঁতেন। আনহাতে এই বিস্ফোৰণৰ সৈতে পাকিস্তানী সন্ত্ৰাসবাদী জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। বিস্ফোৰণৰ তদন্তৰ বাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এটা দলো লুধিয়ানাত উপস্থিত হৈছে। এতিয়া এই বিস্ফোৰণৰ পিছতে পঞ্জাবৰ অনাগত নিৰ্বাচন ৰক্তাক্ত কৰাৰ বাবেও বহিঃৰাষ্ট্ৰই ষড়যন্ত্ৰ কৰাৰ আশংকা কৰিছে পঞ্জাব আৰক্ষীয়ে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি