৭ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কৰ পিছত বিয়া। ৰীতি–নীতি অনুসৰি সকলো হৈ যোৱাৰ পিছত দেওবাৰে বিয়াৰ দিন। চাৰিওফালে উখল–মাখল পৰিৱেশ। সকলোৱে বাট চাইছে দৰা অহালৈ। মূৰত ওৰণি লৈ অপেক্ষা কৰিছে কইনায়ো। এঘণ্টা... দুঘণ্টা... তিনি ঘণ্টা...। চাৰিঘণ্টাৰ পিছতো কইনাঘৰত উপস্থিত নহ’ল দৰা। চাৰি ঘণ্টাৰ পিছতো যেতিয়া দৰা উপস্থিত নহ’ল, কইনাৰ পৰিয়ালে ভাবি ল’লে – নিশ্চয় কিবা খেলিমেলি আছে। বিবাস্থলীৰ পৰা আৰক্ষী থানা পালেগৈ কইনা আৰু কইনাৰ পৰিয়াল। এজাহাৰ দাখিল কৰিলে দৰাৰ বিৰুদ্ধে। ঘটনাটো পঞ্জাবৰ গুৰদাসপুৰৰ।
গুৰদাসপুৰৰ বাসিন্দা ৰমন কুমাৰ নামৰ যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল এগৰাকী যুৱতীৰ। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত এখন সুখৰ সংসাৰৰ মন মেলিলে দুয়ো। দুয়োৰে বিয়াত সন্মতি জনালে পৰিয়ালেও। আৰু সেইমতেই ঠিক কৰা হ’ল বিয়াৰ দিন। বিয়াৰ পূৰ্বে হ’বলগীয়া সকলো ৰীতি–নীতিৰ অন্তত দেওবাৰে মন্দিৰত আছিল দুয়োৰে বিয়া। কিন্তু বিয়াঘৰৰ সকলোৰে অপেক্ষা কৰি কৰি আমনি লাগিল। দৰা নাহিল।
কইনা আৰু পৰিয়ালৰ লোকে কয় যে তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল। ওৰেদিন অপেক্ষা কৰাৰ পিছতো দৰা নাহিল। ফোনত যোগাযোগ কৰাৰ চেষ্টা কৰিও বিফল হৈছিল। তাৰ পিছতে আৰক্ষীৰ কাষ চাপে কইনাৰ পৰিয়াল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ‘
আজ টক’ত প্ৰকাশ পাইছে এই খবৰ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|