• Home
  • »
  • News
  • »
  • nation
  • »
  • বিজেপিলৈ যাব নেকি কেপ্টেইন অমৰিন্দৰ সিং? অমিত শ্বাহৰ সৈতে ৪৫ মিনিটজোৰা বৈঠকত বহিল দিল্লীত

বিজেপিলৈ যাব নেকি কেপ্টেইন অমৰিন্দৰ সিং? অমিত শ্বাহৰ সৈতে ৪৫ মিনিটজোৰা বৈঠকত বহিল দিল্লীত

 নৱজোত সিং সিদ্ধুৰ সৈতে দীৰ্ঘদিনীয়া বিতৰ্কৰ পিছত কংগ্ৰেছ নেতা অমৰিন্দৰ সিঙে এই মাহত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছিল।

নৱজোত সিং সিদ্ধুৰ সৈতে দীৰ্ঘদিনীয়া বিতৰ্কৰ পিছত কংগ্ৰেছ নেতা অমৰিন্দৰ সিঙে এই মাহত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছিল।

নৱজোত সিং সিদ্ধুৰ সৈতে দীৰ্ঘদিনীয়া বিতৰ্কৰ পিছত কংগ্ৰেছ নেতা অমৰিন্দৰ সিঙে এই মাহত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছিল।

  • Share this:

পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে বুধবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে৷ অমৰিন্দৰ সিং আৰু অমিত শ্বাহৰ মাজত বৈঠক প্ৰায় ৪৫ মিনিট ধৰি চলিছিল৷ বৈঠকৰ পিছত, কেপ্টেইনৰ ঘনিষ্ঠ সূত্ৰই কয় যে কৃষকসকলৰ বিষয়টো আলোচনা কৰিবলৈ দুয়োগৰাকী নেতাই মিলিত হৈছিল। কেপ্টেইন অমৰিন্দৰ সিং মঙলবাৰে দিল্লীত উপস্থিত হৈছিল। মঙলবাৰে দিল্লীত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অমৰিন্দৰ সিঙে দাবী কৰিছিল যে তেওঁৰ কোনো ৰাজনৈতিক কাৰ্যসূচী নাই।


কংগ্ৰেছৰ ৰাজ্যিক সভাপতি নৱজোত সিং সিদ্ধুৰ সৈতে দীৰ্ঘদিনীয়া বিতৰ্কৰ পিছত অমৰিন্দৰ সিঙে এই মাহত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। কংগ্ৰেছে তেতিয়া চৰণজিৎ সিং চান্নীক পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰে। ইয়াৰ পিছতে পাঞ্জাৱৰ ৰাজনীতিত বিশেষকৈ কংগ্ৰেছত উত্থান–পতনৰ দৃশ্য পৰিলক্ষিত হয়। সিদ্ধুৱে পাঞ্জাৱ কংগ্ৰেছ সভাপতিৰ পদ ত্যাগ কৰে। এনে অৱস্থাৰ মাজতে মুখ্যমন্ত্ৰী পদ ত্যাগৰ পিছত অমৰিন্দৰ সিঙেও কংগ্ৰেছ ত্যাগ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।


উল্লেখ্য, অমৰিন্দৰ সিঙৰ মিডিয়া উপদেষ্টাই টুইট কৰিছিল যে সিঙে ব্যক্তিগত ভ্ৰমণত আছে, এই সময়তে তেওঁ তেওঁৰ কেইজনমান বন্ধুক লগ কৰিব আৰু কাপুৰথালা হাউছ খালী কৰিব। এই ভ্ৰমণৰ বিষয়ে কোনো অনুমান কৰা উচিত নহয়। আনহাতে পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা সিদ্ধুৰ পদত্যাগ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে টুইট কৰিছিল, "মই কৈছিলো যে তেওঁ এজন স্থিৰ ব্যক্তি নহয়। সিদ্ধু পাঞ্জাৱৰ দৰে সীমান্ত ৰাজ্যৰ বাবে উপযুক্ত নহয়।''


অমৰিন্দৰ সিঙে ভবিষ্যতে কি ৰাজনৈতিক পন্থা গ্ৰহণ কৰিব তাক লৈ কোনো অনুমান কৰাটো সঠিক নহয় বুলি তেওঁৰ প্ৰেছ উপদেষ্টাই টুইট কৰিলেও এটা কথা গুৰুত্বপূৰ্ণ যে আজিৰ বৈঠকে পাঞ্জাৱৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে বিশেষ বাৰ্তা বহন কৰিছে।

Published by:Gautam Barman
First published: