• Home
  • »
  • News
  • »
  • nation
  • »
  • Bhagwant mann|Navjot Singh Sidhu: ১৬ বছৰ পূৰ্বেও মুখামুখি হৈছিল নৱজোত সিং সিদ্ধু আৰু ভগৱন্ত মান, এতিয়া সিদ্ধুৰ মুখত লাগিল তলা

Bhagwant mann|Navjot Singh Sidhu: ১৬ বছৰ পূৰ্বেও মুখামুখি হৈছিল নৱজোত সিং সিদ্ধু আৰু ভগৱন্ত মান, এতিয়া সিদ্ধুৰ মুখত লাগিল তলা

Bhagwant mann|Navjot Singh Sidhu: এতিয়া সিদ্ধুৰ অৱস্থা এনে যে থোকো তালি কোৱাৰো যোগ্য হৈ নাথাকিল। গুৰু হো যা চুৰু বুলি সিদ্ধুৱে আৰু ক'ব নে নাই সেয়া সময়েহে ক'ব...

Bhagwant mann|Navjot Singh Sidhu: এতিয়া সিদ্ধুৰ অৱস্থা এনে যে থোকো তালি কোৱাৰো যোগ্য হৈ নাথাকিল। গুৰু হো যা চুৰু বুলি সিদ্ধুৱে আৰু ক'ব নে নাই সেয়া সময়েহে ক'ব...

Bhagwant mann|Navjot Singh Sidhu: এতিয়া সিদ্ধুৰ অৱস্থা এনে যে থোকো তালি কোৱাৰো যোগ্য হৈ নাথাকিল। গুৰু হো যা চুৰু বুলি সিদ্ধুৱে আৰু ক'ব নে নাই সেয়া সময়েহে ক'ব...

  • Share this:
পঞ্জাবৰ বিধানসভাৰ নিৰ্বাচন (punjab assembly election 2022)ত ভগৱন্ত মান (Bhagwant mann)ৰ নেতৃত্বত কাৰ্যত সকলোকে ঝাড়ুৰে চাফা কৰি পেলালে আমা আদমী পাৰ্টীয়ে। বাৰুকৈয়ে মুখ থেকেচা খালে বহুবল্কী নৱজোত সিং সিদ্ধু (Navjot singh sidhu)ৱেও। কিন্তু ৰাজনীতিৰ পথাৰত সিদ্ধুৰ সৈতে এঘড়ী যুঁজাৰ পূৰ্বে ব্যংগ কৌতুকৰ পথাৰত মুখামুখি হৈছিল ভগৱন্ত মান আৰু নৱজোত সিং সিদ্ধু। ২০০৬ চনত দা গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ (the great indian laughter challenge)ত মুখামুখি হৈছিল দুয়ে। সেইসময়ত নৱজোত সিং সিদ্ধু আছিল বিচাৰক আৰু ভগৱন্ত মান আছিল প্ৰতিযোগী।

দা গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জত ভগৱ্নত মানে এটা কৌতুক কৈছিল, যিটো আজি প্ৰাসংগিক হৈ পৰিছে। ভগৱন্ত মানে কৈছিল- "মই এজন নেতাক সুধুছিলোঁ যে এই ৰাজনীতিটো কি বস্তু? নেতা জনে ক'লে- ৰাজ কেনেকৈ কৰিব লাগে তাৰ নীতি বনাই থকাটোৱেই হৈছে ৰাজনীতি। তেতিয়া মই সুধিছিলোঁ যে যদি এইটোৱেই ৰাজনীতি তেন্তে গোৰমিণ্ট (গৱৰমেণ্ট)ৰ অৰ্থ কি? নেতাজনে ক'লে যে যি এটা বিষয়ত গৌৰ কৰি (মন দি) এক মিণ্ট (মিনিট) পিছত পাহৰি যায় সেইটোৱেই গোৰমিণ্ট (গৱৰমেণ্ট) ।" এই কৌতুকটোত তেতিয়া সিদ্ধুৱে প্ৰচণ্ড আমোদ পাইছিল আৰু হাঁহি হাঁহি ক'ব নোৱৰা হৈছিল। কিন্তু তেতিয়া বিচাৰক হিচাপে সিদ্ধুৰ তুলাচনীত ভগৱন্ত মানৰ এই কৌতুক উঠিব পৰা নাছিল আৰু অন্য কোনোবাহে বিজয়ী হৈছিল।

এতিয়া ১৬ বছৰ পিছত নৱজোত সিং সিদ্ধু আৰু ভগৱন্ত মান দুয়ো ৰাজনীতিৰ ৰণক্ষেত্ৰত নামিছিল আৰু পৰিণাম সকলোৰে সন্মুখত আছে। এতিয়া সিদ্ধুৰ অৱস্থা এনে যে থোকো তালি কোৱাৰো যোগ্য হৈ নাথাকিল। গুৰু হো যা চুৰু বুলি সিদ্ধুৱে আৰু ক'ব নে নাই সেয়া সময়েহে ক'ব, কিন্তু পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিব ভগৱন্ত মানে।
Published by:Manjumoni Borah
First published: