মুখ্যপৃষ্ঠা »খবৰ »দেশ »Punjab Election Results: পাঞ্জাবত পৰাজয়ৰ মুখত বাঘা বাঘা নেতা, নিৰ্বাচনী ৰণত হাৰি সিদ্ধুৱে ক'লে- জনতাৰ কণ্ঠ মানে ঈশ্বৰৰ কণ্ঠ

Punjab Election Results: পাঞ্জাবত পৰাজয়ৰ মুখত বাঘা বাঘা নেতা, নিৰ্বাচনী ৰণত হাৰি সিদ্ধুৱে ক'লে- জনতাৰ কণ্ঠ মানে ঈশ্বৰৰ কণ্ঠ

 শিৰোমণি অকালি দলৰ জ্যেষ্ঠ নেতা তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলেও লাম্বি আসনৰ পৰা নিৰ্বাচনত পৰাজিত হয়।

শিৰোমণি অকালি দলৰ জ্যেষ্ঠ নেতা তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলেও লাম্বি আসনৰ পৰা নিৰ্বাচনত পৰাজিত হয়।

শিৰোমণি অকালি দলৰ জ্যেষ্ঠ নেতা তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলেও লাম্বি আসনৰ পৰা নিৰ্বাচনত পৰাজিত হয়।

  • Share this:
পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে (Charanjit Singh Channi) দুই সমষ্টিত পৰাজয় বৰণ কৰাৰ লগতে কংগ্ৰেছৰ আন এগৰাকী প্ৰধান নেতাও নিৰ্বাচনীত ৰণত পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে। তেওঁ কংগ্ৰেছ দলৰ মুৰব্বী আৰু জ্যেষ্ঠ নেতা নৱজ্যোত সিং সিদ্ধু। সিদ্ধুৱে অমৃতসৰৰ পূব আসনখন হেৰুৱাইছে। তেওঁক আম আদমী পাৰ্টীৰ প্ৰাৰ্থী জীৱন জ্যোতি কৌৰে পৰাজিত কৰে।

আনহাতে আকালি দলৰ বিক্ৰম মাজিথিয়াও এইখন আসনৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, কিন্তু মাজিথিয়া আৰু সিদ্ধু দুয়োজনে আপৰ হাতত ধৰাশায়ী হয়। শিৰোমণি অকালি দলৰ জ্যেষ্ঠ নেতা তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলেও লাম্বি আসনৰ পৰা নিৰ্বাচনত পৰাজিত হয়। উল্লেখ্য দুপৰীয়া ৩ বজালৈকে আম আদমী পাৰ্টী ৭২ খন আসনত আগবাঢ়ি আছে আৰু জয় লাভ কৰিছে ৫৬ খনত, কংগ্ৰেছে ১৩, শিৰোমণি আকালি ১ আৰু বিজেপিয়ে ২ খনত জয়লাভ কৰিছে।

নৱজ্যোত সিং সিদ্ধুৱে আপক জনালে অভিনন্দন 

নৱজ্যোত সিং সিদ্ধুৱেও (navjot singh sidhu ) আম আদমী পাৰ্টীক (AAP) অভিনন্দন জনায়। সিদ্ধুৱে টুইট কৰি কয় যে জনসাধাৰণৰ কণ্ঠস্বৰ ঈশ্বৰৰ কণ্ঠস্বৰ। নম্ৰতাৰে পঞ্জাৱৰ জনসাধাৰণৰ আদেশ স্বীকাৰ কৰক... আম আদমী পাৰ্টীক অভিনন্দন!!!."

শেহতীয়া বাতৰি