অনুমান কৰা কথাই সঁচা হ'ল! পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা ইস্তফা দিলে কেপ্টেইন অমৰিন্দৰ সিঙে। নভজ্যোত সিং সিদ্ধুৰ শিৱিৰৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতৰ অন্তত অমৰিন্দৰ সিঙে ৰাজ্যপাল বনৱাৰিলাল পুৰোহিতৰ হাতত ইস্তফাপত্ৰ তুলি দিয়ে। অমৰিন্দৰৰ ঘনিষ্ঠ মহলে কৈছে যে, পদ ত্যাগ কৰিলে দলো ত্যাগ কৰিব।
আজি বিয়লি যিহেতু কংগ্ৰেছৰ পৰিষদীয় কমিটীৰ বৈঠক আছে, আৰু এই বৈঠকতে নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পাৰে হাইকামাণ্ডে। উচ্চ স্তৰীয় বৈঠকত উপস্থিত থাকিব পঞ্জাৱৰ পৰ্যবেক্ষক কংগ্ৰেছ নেতা অজয় মাকেন।
শেহতীয়াকৈ পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধুৰ শিবিৰে দাবী কৰা মতে, দলৰ হাইকামাণ্ডে অমৰিন্দৰ সিঙক মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা দিবলৈ নিৰ্দেশ দিছিল। এই খবৰ বিয়পি পৰাৰ কিছু সময়ৰ পিছতে অমৰিন্দৰ সিঙে জনাইছিল যে, এনেদৰে আৰু মুখ্যমন্ত্ৰী পদত বহি থাকিব নোৱাৰি।
সূত্ৰৰ খবৰ অনুসৰি, দুপৰীয়া দুই বজাৰ পৰা অমৰিন্দৰ সিঙে নিজৰ সমৰ্থকৰ সৈতে এখন বৈঠকত ভাগ লৈছিল। আৰু এই বৈঠকতে নিজৰ পৰৱৰ্তীস্থিতিৰ কথা জনায়।এতিয়া ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নভজ্যোত সিং সিদ্ধু আৰু সুনীল ঝাকাৰৰ নাম চৰ্চালৈ আহিব পাৰে।
Published by: Himangshu Bhuyan
First published: September 18, 2021, 17:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|