৬ বছৰ পূৰ্বে ভগৱন্ত মানৰ বিবাহ বিচ্ছেদ হৈছিল। তেওঁৰ প্ৰথম পত্নী আৰু সন্তান আমেৰিকাত থাকে।
৬ বছৰ পূৰ্বে ভগৱন্ত মানৰ বিবাহ বিচ্ছেদ হৈছিল। তেওঁৰ প্ৰথম পত্নী আৰু সন্তান আমেৰিকাত থাকে।
পুনৰ বিবাহপাশত আবদ্ধ হ’ব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। ডাঃ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকী। বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ পঞ্জাবত অনুষ্ঠিত হ’ব বিবাহ। জানিব পৰা মতে, মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বাবে পাত্ৰী বাছনি কৰিছে মাতৃ আৰু ভগ্নীয়ে। বিবাহ অনুষ্ঠানত কেৱল পৰিয়ালৰ লোকসকল উপস্থিত থাকিব। অৱশ্যে নৱ–দম্পতীক আশীৰ্বাদ দিবলৈ উপস্থিত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
উল্লেখযোগ্য যে ৬ বছৰ পূৰ্বে ভগৱন্ত মানৰ বিবাহ বিচ্ছেদ হৈছিল। তেওঁৰ প্ৰথম পত্নী আৰু সন্তান আমেৰিকাত থাকে। পঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল দুই সন্তান। ভগৱন্ত মানৰ মাতৃৰ ইচ্ছা আছিল পুনৰ পুত্ৰই নিজৰ সংসাৰ গঢ়ক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|