পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণজিত সিং ছান্নীয়ে ১৩ জানুৱাৰীত নিৰ্বাচন আয়োগক ভোটগ্ৰহণৰ তাৰিখ সলনি কৰাৰ বাবে আবেদন জনাইছিল।
পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণজিত সিং ছান্নীয়ে ১৩ জানুৱাৰীত নিৰ্বাচন আয়োগক ভোটগ্ৰহণৰ তাৰিখ সলনি কৰাৰ বাবে আবেদন জনাইছিল।
পঞ্জাবত ২০ ফেব্ৰুৱাৰীত হ’ব বিধানসভা নিৰ্বাচন। পূৰ্বে ১৪ ফেব্ৰুৱাৰীত হোৱাৰ কথা আছিল এই নিৰ্বাচন। নিৰ্বাচন আয়োগে আজি বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে। ভোটগণনাৰ তাৰিখৰ কোনো সালসলনি হোৱা নাই। ভোটগণনা ১০ মাৰ্চত হ’ব। বাকী চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলো এই দিনটোতে ঘোষণা কৰা হ’ব। পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণজিত সিং ছান্নীয়ে ১৩ জানুৱাৰীত নিৰ্বাচন আয়োগক ভোটগ্ৰহণৰ তাৰিখ সলনি কৰাৰ বাবে আবেদন জনাইছিল।
আছলতে ১৬ ফেব্ৰুৱাৰীত গুৰু ৰবিদাসৰ জয়ন্তী। বাকী ৰাজনৈতিক দলে কয় যে অনুসূচিত জাতিৰ লোকসকল এই দিনটোত বাৰাণসীলৈ যায়। ছান্নীৰ উপৰি ভাৰতীয় জনতা পাৰ্টী আৰু তেওঁলোকৰ সহযোগী শিৰোমণি আকালী দলেও নিৰ্বাচন আয়োগলৈ নিৰ্বাচনৰ তাৰিখ আগবঢ়োৱাৰ বাবে আবেদন কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|