মুখ্যপৃষ্ঠা »খবৰ »দেশ »পঞ্জাৱৰ AAP চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকঃ ২৫ হাজাৰ চৰকাৰী চাকৰিত অনুমোদন

পঞ্জাৱৰ AAP চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকঃ ২৫ হাজাৰ চৰকাৰী চাকৰিত অনুমোদন

file image

file image

সকলো পদ মেধাৰ ভিত্তিত পূৰণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
পাঞ্জাৱৰ আপ চৰকাৰৰ চমক। শনিবাৰে অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকতে ২৫ হাজাৰ নতুন চৰকাৰী চাকৰি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰে ভিতৰত আৰক্ষী বিভাগত পদৰ সংখ্যা ১০ হাজাৰ।

মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ২৫,০০০ নতুন চৰকাৰী চাকৰিত অনুমোদন জনায়। বৈঠকৰ অন্তত এক ভিডিও মেছেজৰ জৰিয়তে এই কথা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে সকলো পদ মেধাৰ ভিত্তিত পূৰণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কোনো লোকে ঘোঁচ বা আন অসত্‍ কাৰ্যত লিপ্ত হ'ব খোজিলে চৰকাৰে গ্ৰহণ কৰিব কঠোৰ পদক্ষেপ।

উল্লেখ্য যে, নিবনুৱা সমস্যা সমাধান ৰাজ্যখনৰ নিৰ্বাচনৰ সময়ত আম আদমী পাৰ্টীৰ আছিল অন্যতম নিৰ্বাচনী প্ৰতিশ্ৰুতি। ইয়াৰ পূৰ্বে শনিবাৰৰ দিনটোতে চণ্ডীগড়ৰ ৰাজভৱনত আপৰ ১০গৰাকী বিধায়কে মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে।

শেহতীয়া বাতৰি