মহাৰাষ্ট্ৰৰ পুনেৰ চাকণত হাস্পতালৰ ICUত সম্পন্ন হ’ল এখন বিয়া। কিন্তু ICUত কিয় পাতি দিয়া হ’ল বিয়া? শুনক কাহিনী।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল নলাভদে নামৰ যুৱকজনৰ। যাৰ ফলত প্ৰেমিকাক অবৈধ শাৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰাইছিল নলাভদেই। শাৰীৰিক সম্পৰ্কৰ পিছত যুৱতীয়ে যুৱকজনক দিছিল বিয়াৰ প্ৰস্তাৱ। কিন্তু যুৱতীগৰাকীৰ বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ কৰিলে যুৱকজনে। নিজকে নীচ জাতিৰ বুলি কৈ বিয়াৰ প্ৰস্তাৱত অমান্তি হৈছিল নলাভদে।
যুৱকজনে বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ কৰাত লাজে–অপমানে বিহপান কৰিলে যুৱতীগৰাকীয়ে। সংকটজনক অৱস্থাত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হ’ল হাস্পতালত। স্বাস্থ্যৰ অৱনতি ঘটাত স্থানান্তৰ কৰা হ’ল ICUলৈ।
তাৰ পিছতে স্থানীয় সংগঠনৰ একাংশ সদস্যই নলাভদেক কৰায়ত্ত কৰি ICUলৈ লৈ যায়। ICUৰ ভিতৰতে যুৱতীগৰাকীৰ সৈতে বিয়া পাতি দিয়ে যুৱকজনক। কিন্তু বিয়াৰ তিনিদিন পিছতে যুৱকজনে সকলো সম্পৰ্ক শেষ কৰি সন্ধানহীন হৈ পৰে। আৰক্ষীৰ মতে, যুৱকজনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিছে যুৱতীগৰাকীয়ে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|