পুণেত অট্টালিকাৰ দেৱাল খহি মৃত্যু শিশু সহ ১৫ জনৰ

শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা

News18-Assam
Updated:June 29, 2019, 12:33 PM IST
পুণেত অট্টালিকাৰ দেৱাল খহি মৃত্যু শিশু সহ ১৫ জনৰ
শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা
News18-Assam
Updated: June 29, 2019, 12:33 PM IST
শুকুৰবাৰে মহাৰাষ্ট্ৰৰ পুণেত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।হঠাৎ এটা অট্টালিকাৰ দেৱাল খহি যোৱাৰ ফলত মৃত্যুক সাৱটিলে এটি শিশু সহ ১৫ জনকৈ লোকে। কিন্তু কি কাৰণে এনে এক দুৰ্ঘটনা সংঘটিত হ’ল তাৰ প্ৰকৃত তথ্য লাভ কৰা নাই যদিও, চহৰখনত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি অনুমান কৰা হৈছে।



আৰক্ষীয়ে প্ৰথমে ঘটনাত ১৭ জন লোকৰ মৃত্যু হোৱা বুলি মন্তব্য কৰিছিল যদিও তাৰ প্ৰমাণ এতিয়ালৈকে লাভ কৰা নাই। প্ৰায় ৬০ ফুটৰ দেৱালখন খহি পৰাৰ ফলত হঠাৎ হাহাকাৰ লাগে উপস্থিত লোকসকলৰ মাজত। সংবাদমাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি অট্টালিকাৰ দেৱালখন নিৰ্মীয়মান অৱস্থাত আছিল। ঘটনা সন্দৰ্ভত এতিয়া তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।নিশা প্ৰায় ১ বাজি ৪৫ মিনিটত সংঘটিত হোৱা এই ঘটনাত ৩ জন লোক আহত হোৱাৰো খবৰ আহিছে। ঘটনাস্থলীত এতিয়াও NDRF ৰ দলে অব্যাহত ৰাখিছে  উদ্ধাৰ অভিযান।




আৰু চাওক পৰৱৰ্তী বাতৰি