চৰকাৰী বিদ্যালয়ত পঢ়া খেতিয়কৰ পুত্ৰই পালে IISERত পঢ়াৰ সুবিধা!

ধনৰ অভাৱত প্ৰাথমিক শিক্ষাৰ পৰা দ্বাদশ শ্ৰেণীলৈকে চৰকাৰী বিদ্যালয়ত পঢ়া অক্ষয়ে পালে Indian Institutes of Science Education and Research ত পঢ়াৰ সুবিধা।

News18-Assam
Updated:August 1, 2019, 7:11 PM IST
চৰকাৰী বিদ্যালয়ত পঢ়া খেতিয়কৰ পুত্ৰই পালে IISERত পঢ়াৰ সুবিধা!
ধনৰ অভাৱত প্ৰাথমিক শিক্ষাৰ পৰা দ্বাদশ শ্ৰেণীলৈকে চৰকাৰী বিদ্যালয়ত পঢ়া অক্ষয়ে পালে Indian Institutes of Science Education and Research ত পঢ়াৰ সুবিধা।
News18-Assam
Updated: August 1, 2019, 7:11 PM IST
কষ্টৰ অসাধ্য একো নাই, সঁচাকৈয়ে যেন উক্ত বাক্য শাৰী আখৰে আখৰে মিলিল অক্ষয় নামৰ এগৰাকী ছাত্ৰৰ লগত। অক্ষয়ৰ দেউতাক এগৰাকী খেতিয়ক। কোনো মতে পৰিয়ালটো পোহপাল দি আহিছে অক্ষয়ৰ পিতৃয়ে। ধনৰ অভাৱত চৰকাৰী বিদ্যালয়তে দ্বাদশ শ্ৰেণীলৈকে পঢ়িবলগীয়া হৈছিল অক্ষয়ে। পিতৃয়েও কোনোদিন অক্ষয়ৰ পঢ়াৰ নামত দিব পৰা নাছিল বিশেষ সুবিধা। তথাপিও যেন কোনোদিন ভাগি নপৰিল অক্ষয়! কৃষি কৰ্মত পিতৃক সহায় কৰা অক্ষয়ে, অভাৱৰ মাজতেই পঢ়া শুনা কৰি এতিয়া  পাচঁ বছৰীয়া BS-MS পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ সুযোগ পাইছে দেশৰ প্ৰেষ্টিজিয়াছ ‘ Indian Institutes of Science Education and Research’ ত।

বৈজ্ঞানীকৰ লগত কাম কৰাৰ অক্ষয়ৰ যি সপোন আছিল, সেই সপোন এতিয়া বাস্তৱত ৰূপায়িত হোৱাৰ পথত। IISER ৰ প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় অক্ষয় টাবলে নামৰ ছাত্ৰজনে এতিয়া দেশৰ প্ৰশিদ্ধ বৈজ্ঞানীক সকলৰ সান্নিধ্যত কৰিব পাৰিব গৱেষণাৰ কাম।

পুনেৰ ওস্মানাবাদৰ অক্ষয় টাৱলে নিজৰ সফলতাৰ সন্দৰ্ভত কয় যে,
যদি নিজৰ ওপৰত বিশ্বাস থাকে, আৰু কঠোৰ পৰিশ্ৰম কৰিলে নিজৰ সপোন পূৰণ কৰিব পাৰি।


অক্ষয়ে  লগতে কয় যে,
‘গৱেষনাৰ ক্ষেত্ৰখনত কাম কৰিবলৈ মোৰ সৰুৰে পৰাই হেঁপাহ।’
আৰু চাওক পৰৱৰ্তী বাতৰি