• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰে’ল–বাছৰ কোনখন আসনত বহিলে কোৰোণাৰ সংক্ৰমণৰ সম্ভাৱনা আটাইতকৈ অধিক?

ৰে’ল–বাছৰ কোনখন আসনত বহিলে কোৰোণাৰ সংক্ৰমণৰ সম্ভাৱনা আটাইতকৈ অধিক?

ফাইল ফটো

ফাইল ফটো

সমগ্ৰ বিশ্বত কোৰোণাৰ মাজতে পাব্লিক ট্ৰান্সপ’ৰ্ট আৰম্ভ হৈছে। ইয়াৰ মাজতে এইটো বুজিবলৈও চেষ্টা কৰিব লাগে যে ক’ত বহিলে কোৰোণাৰ সংক্ৰমণৰ ভয় সকলোতকৈ অধিক। 

  • Share this:
ক’ভিড ১৯ৰ আৰম্ভনিৰ লগে লগে নিউয়ৰ্কত প্ৰতি সপ্তাহত অহা–যোৱা কৰা যাত্ৰা স্থগিত কৰা হৈছিল। প্ৰায় ৫মাহ পিছত ইয়াত জীৱনযাত্ৰা সামান্য গতিৰে আগবঢ়াৰ চেষ্টা কৰিছে কিন্তু ট্ৰেনৰ ব্যৱহাৰ কৰাসকলৰ সংখ্যা আগৰ তুলনাত ২০শতাংশহে দেখা গৈছে। অৱশ্যে বিশ্বৰ বহুকেইখন চহৰত এই ক্ষেত্ৰত অৱস্থাৰ অলপ উন্নতি হৈছে।

নিউয়ৰ্ক টাইমছৰ সহায়ত কৰা চাৰ্ভেত সন্মুখলৈ আহিছে যে পাব্লিক ট্ৰান্সপ’ৰ্টেৰে অহা–যোৱা সিমান ভয়ংকৰ নহয় যিমান ধাৰণা কৰা হৈছিল। যাত্ৰাৰ সময়ত যদি মাস্ক পৰিধান কৰাৰ লগতে ভিৰত নিয়ন্ত্ৰণ কৰা হয় তেনেহ’লে কোৰোণাৰ সংক্ৰমণৰ আশংকা যথেষ্ট হ্ৰাস পায়। একেধৰণে আন চহৰসমূহত যেনে পেৰিছত মে’ৰ পৰা জুলাইলৈকে ৩৮৬টা সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে কিন্তু কোনো কেচ পাব্লিক ট্ৰান্সপ’ৰ্টৰ সৈতে জৰিত নহয়। টকিঅ’ আৰু অষ্ট্ৰিয়াৰ ক্ষেত্ৰতো এয়াই দেখা গৈছে।

এইপৰ্যন্ত এই কথা ক’ব পৰা নাই যে ৰাজহুৱা পৰিবহন ব্যৱস্থা কিমান সুৰক্ষিত? তথাপিও জীৱনযাত্ৰাক স্বাভাৱিক ছন্দলৈ ঘুৰাই আনিবলৈ ভাৰতত বৰ্তমান দীঘলীয়া দূৰত্বৰ ট্ৰেন যাত্ৰা বৰ্তমান বন্ধ আছে। কিন্তু ১২ আগষ্টৰ পৰা এইক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব পাৰে। একেধৰণে দিল্লীৰ মেট্ৰ’ যাত্ৰাকো সুৰক্ষিত ৰূপত আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰা হৈছে।

প্ৰায় সকলো ঠাইতে ৰাজহুৱা পৰিবহন ব্যৱস্থাৰে যাতায়ত কৰোতে মাস্ক পৰিধান অনিবাৰ্য। ইয়াৰ অবিহনে আপুনি এণ্ট্ৰি লাভ কৰিব নোৱাৰে। দেশত বহু ঠাইত যাত্ৰাৰ সময়ত যাত্ৰীৰ ম’বাইলত আৰোগ্য সেতু এপ থকাটো অনিবাৰ্য। ইয়াৰ পৰা এই কথাৰ উমান পাব পাৰি যে আশেপাশে কিমান মানুহ সংক্ৰমিত হৈছে। লগতে থাৰ্মেল টেম্পেৰেচাৰো জোখা হয়। যদি কাৰোবাৰ শৰীৰৰ তাপমান অধিক তেনেহ’লে তেওঁক প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নহয়।

মন কৰিবলগীয়া যে গাড়ীৰ আসনসমূহ চেনিটাইজ কৰি থকা হৈছে। বহাৰ ব্যৱস্থাও এনেধৰণে কৰা হৈছে যাতে দুজন যাত্ৰীৰ মাজত ছচিয়েল ডিচটেন্সিং থাকে। বহু কেইটা অধ্যয়নত এই তথ্যও প্ৰকাশ পাইছে যে যিমানেই দূৰৈত নবহক কিয় যাত্ৰীসকলৰ মাজত সংক্ৰমণৰ আশংকা থাকেই। লগতে ট্ৰেনত বতাহৰ প্ৰৱাহকো গুৰুত্ব দিয়া হয়। 

আনলকিঙৰ সময়ত বহু কেইটা অধ্যয়ন কৰা হৈছে, ইয়াত পাব্লিক ট্ৰান্সপ’ৰ্টৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে। যেনে এক অধ্যয়ন কৰা হৈছিল চীনৰ হাইস্পীড ট্ৰেনসমূহৰ পুনৰ যাত্ৰা আৰম্ভ হোৱাৰ পিছত। ইয়াত সহযোগ কৰিছিল চাইনীজ চেণ্টাৰ ফৰ ডিচিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনৰ লগতে চাইনীজ একাডেমী অৱ চাইন্সে।

সমূহৰ মাজত বহা ৰোগীক ইণ্ডেক্স পেচেণ্ট বা পেচেণ্ট জিৰ’ কোৱা হয়। অধ্যয়নত পোৱা গৈছে যে কোৰোণাৰ ৰোগী অৰ্থাত্‍ ইণ্ডেক্স পেচেণ্টৰ পৰা আগে–পিচে চাৰি–পাঁচখন আসনৰ পৰা সোঁ আৰু বাওঁফালে তিনিখন আসনলৈ যাত্ৰীৰ মাজত সংক্ৰমণৰ আশংকা ০.৩২শতাংশ হয়। সেইদৰে যদি কোনো যাত্ৰী ইণ্ডেক্স পেচেণ্টৰ কাষতে বহিছে তেনেহ’লে তেওঁৰ সংক্ৰমণৰ আশংকা সকলোতকৈ অধিক হয় আৰু ৩.৫শতাংশ।

এই অধ্যয়ন ৩ঘণ্টাৰ কম দূৰত্বৰ যাত্ৰীৰ মাজত কৰা হৈছে। যদি যাত্ৰীয়ে তিনিঘণ্টাৰ অধিক সময় যাত্ৰা কৰে তেনেহ’লে পৰিণতি পৃথক হ’ব। বিশেষকৈ ইণ্ডেক্স পেচেণ্টৰ কাষতে বহা স্বাস্থ্যৱান ব্যক্তিৰ সংক্ৰমণৰ আশংকা সকলোতকৈ অধিক। গড় হিচাপত এয়া চাবলৈ চেষ্টা কৰা হৈছে যে যাত্ৰাৰ সময়ত বিপদৰ আশংকা কিমান বাঢ়িছে। এই সময়চোৱাত এই তথ্য গ্ৰহণ কৰা হৈছে যে যাত্ৰাৰ প্ৰতি ঘণ্টাৰ সৈতে কোৰোণাৰ সংক্ৰমণৰ আশংকা ১.৩শতাংশলৈকে বাঢ়ি যায়।

সুস্বাস্থ্যৱান মানুহে ৰোগীৰ সৈতে দূৰত্বৰ লগতে হাইজিনক লৈও গুৰুত্ব দিব লাগিব। যদি মাস্ক পিন্ধা নাই আৰু হাতকেইখন নাক, মুখ আৰু চকুৰ ওচৰলৈ নিয়া হৈছে তেনেহ’লে সংক্ৰমণৰ আশংকা যথেষ্ট।

ট্ৰেনৰ দৰে ফ্লাইটতো কোৰোণাৰ সংক্ৰমণৰ আশংকা আছে। অৱশ্যে এয়া আপেক্ষিকভাৱে সুৰক্ষিত গণ্য কৰা হৈছে। ইয়াৰ আঁৰত আমেৰিকাৰ সেই অধ্যয়ন য’ত শতাংশৰ হিচাপত বিপদ গণনা কৰা হৈছে। Emory University আৰু Georgia Techৰ এই অধ্যয়নত সাৱধানতাৰ অংশ হিচাপে কোনো ৰোগী ফ্লাইটত প্ৰৱেশত কৰিলে তাৰ পৰা ৰোগে কিমান দূৰলৈকে আৰু কিমান শতাংশ প্ৰভাৱ পেলাব পাৰে তাৰ আকলন কৰা হৈছে।

যেনে ধৰি লওক ১৪সংখ্যক আসনত কোনো ৰোগী আছে তেন্তে তেওঁৰ কাহ বা হাঁচিৰে ভাইৰাছ বিয়পি পৰাৰ আশংকা সকলোতকৈ বেছি। ইয়াৰ পৰা সৰ্বাধিক প্ৰভাৱিত হ’ব আগে–পিচে থকা দুখন আসনত বহা যাত্ৰী। ইয়াৰ পৰা দূৰৈত বহা যাত্ৰীৰ মাজত বিপদৰ আশংকা ১শতাংশ হ’ব। সেইদৰে ফ্লাইট ক্ৰু যিসকলে অনবৰতে যাত্ৰীৰ মাজত সহায়ৰ কাৰণে ঘুৰি ফুৰে তেওঁলোকৰ বিপদৰ সম্ভাৱনা ৫শতাংশৰ পৰা ২০শতাংশ হয়। সেইদৰে প্ৰতি মিনিটত ভাইৰাছ বিয়পি পৰাৰ আশংকা ১৮শতাংশ হয়।
First published:

শেহতীয়া বাতৰি