আজি দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট, বন্ধ থাকিব বেংকৰ কাম–কাজ

এছ বি আইৰ শাখাসমূহত ধৰ্মঘটৰ বিশেষ প্ৰভাৱ পৰাৰ আশংকা কম।

News18-Assam
Updated:October 22, 2019, 8:31 AM IST
আজি দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট, বন্ধ থাকিব বেংকৰ কাম–কাজ
এছ বি আইৰ শাখাসমূহত ধৰ্মঘটৰ বিশেষ প্ৰভাৱ পৰাৰ আশংকা কম।
News18-Assam
Updated: October 22, 2019, 8:31 AM IST
আজি দেশজুৰি ধৰ্মঘটত বহিব বেংক কৰ্মচাৰীসকল। ৰাজহুৱা খণ্ডৰ বেংকৰ জমাধনৰ ওপৰত সুদৰ হাৰ হ্ৰাসৰ বিৰোধিতাৰে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে অল ইণ্ডিয়া বেংক এমপ্লইজ এছ’চিয়েচন আৰু বেংক এমপ্লইজ ফেডাৰেচন অব ইণ্ডিয়াই। ভাৰতীয় ষ্টেট বেংকসহ অধিক সংখ্যক বেংকে গ্ৰাহকসকলক এই সম্পৰ্কে পূৰ্বেই অৱগত কৰিছে।

কেইবাটাও ৰাজহুৱা খণ্ডৰ বেংকৰ জমাধনৰ ওপৰত সুদৰ হাৰ হ্ৰাস কৰাৰ বিৰোধিতা কৰিছে বেংক কৰ্মচাৰীসকলে। অৱশ্যে ব্যক্তিগত খণ্ডৰ বেংকৰ কৰ্মচাৰীসকলে অংশ নলয় এই ধৰ্মঘটত। অৱশ্যে, ভাৰতীয় ষ্টেট বেংকৰ ফালৰ পৰা জানিব দিয়া মতে ধৰ্মঘটৰ আহ্বান দিয়া সংগঠনৰ মাজত এছ বি আইৰ কৰ্মচাৰী অতি কমসংখ্যকহে আছে। অৰ্থাৎ এছ বি আইৰ শাখাসমূহত ধৰ্মঘটৰ বিশেষ প্ৰভাৱ পৰাৰ আশংকা কম।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি