৬ ঘণ্টা ধৰি PUBG খেলি মৃত্যুক সাবটিলে ১৬ বছৰীয়া যুৱকে

হঠাৎ 'carry out the blast..carry out blast' বুলি চিঞৰি উঠিছিল ফুৰখানে। তাৰ পিছতে তেওঁ তেওঁৰ ম’বাইল আৰু হেডফোন দলিয়াই পেলাইছিল আৰু কান্দি কান্দি কৈছিল – ‘মই তোমাৰ সৈতে নেখেলো। তোমাৰ বাবেই মই হাৰিলো।’

news18assam
Updated:May 31, 2019, 11:48 AM IST
৬ ঘণ্টা ধৰি PUBG খেলি মৃত্যুক সাবটিলে ১৬ বছৰীয়া যুৱকে
হঠাৎ 'carry out the blast..carry out blast' বুলি চিঞৰি উঠিছিল ফুৰখানে। তাৰ পিছতে তেওঁ তেওঁৰ ম’বাইল আৰু হেডফোন দলিয়াই পেলাইছিল আৰু কান্দি কান্দি কৈছিল – ‘মই তোমাৰ সৈতে নেখেলো। তোমাৰ বাবেই মই হাৰিলো।’
news18assam
Updated: May 31, 2019, 11:48 AM IST
বৰ্তমান সময়ত PUBG এক ব্যাধিস্বৰূপ হৈ পৰিছে। এই ভিডিঅ’ গেমৰ বাবে বহুজনে প্ৰাণ হেৰুৱাবলগীয়া ঘটনাও সংঘটিত হৈছে। শেহতীয়াকৈ তেনে এক ঘটনা সংঘটিত হ’ল মধ্য প্ৰদেশত। এজন ১৬ বছৰীয়া যুৱকে একেৰাহে ৬ ঘণ্টা PUBG খেলি হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে। যুৱকজনৰ নাম ফুৰখান কুৰেশ্বী। মধ্য প্ৰদেশৰ নিমুচৰ এই যুৱকজন দ্বাদশ শ্ৰেণীত অধ্যয়নৰত আছিল। পৰিয়ালৰ মতে, দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছতে ফুৰখানে PUBG খেলা আৰম্ভ কৰিছিল। ৬ ঘণ্টা ধৰি PUBG খেলাৰ পিছত ঢলি পৰিছিল যুৱকজন। ঢলি পৰাৰ পূৰ্বে ফুৰখানে অত্যধিক উত্তেজিত হৈ চিঞৰিছিল বুলি কয় পিতৃ হাৰুন ৰছিদ কুৰেশ্বীয়ে।

ফুৰখানৰ ভগ্নী ফিজা কুৰেশ্বীয়ে কয়, খেলি থকাৰ সময়ত মই ওচৰতে বহি আছিলো। বন্ধুৰ সৈতে খেলি আছিল ফুৰখানে। হঠাৎ তেওঁ 'carry out the blast..carry out blast' বুলি চিঞৰি উঠিছিল। তাৰ পিছতে তেওঁ তেওঁৰ ম’বাইল আৰু হেডফোন দলিয়াই পেলাইছিল আৰু কান্দি কান্দি কৈছিল – ‘মই তোমাৰ সৈতে নেখেলো। তোমাৰ বাবেই মই হাৰিলো।’

তাৰ পিছতে ঢলি পৰিছিল ফুৰখান। ততাতৈয়াকৈ তেওঁক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ফুৰখানৰ ভাতৃও আসক্ত হৈছিল এই খেলবিধৰ প্ৰতি। কিন্তু ভাতৃৰ মৃত্যুৰ পিছত নিজৰ ম’বাইল ফোনৰ পৰা মহম্মদ হাছিমে ডিলিট কৰিছে PUBG গেমটো।
আৰু চাওক পৰৱৰ্তী বাতৰি