দুঃখবৰ! আজিৰে পৰা ভাৰতত আৰু খেলিবলৈ নাপায় PUBG, জনালে সংস্থাই

News18 Assam | News18-Assam
Updated:October 30, 2020, 2:00 PM IST
দুঃখবৰ! আজিৰে পৰা ভাৰতত আৰু খেলিবলৈ নাপায় PUBG, জনালে সংস্থাই
গেমটো নিষিদ্ধ কৰা হৈছিল যদিও এইপৰ্যন্ত যিসকলৰ ফোনত এই গেমটো আগৰ পৰা আছিল তেওঁলোকে খেলিব পাৰিছিল।

গেমটো নিষিদ্ধ কৰা হৈছিল যদিও এইপৰ্যন্ত যিসকলৰ ফোনত এই গেমটো আগৰ পৰা আছিল তেওঁলোকে খেলিব পাৰিছিল।

  • Share this:
নতুন দিল্লীঃ আজি অৰ্থাৎ ৩০ অক্টোবৰৰ পৰা আৰু ভাৰতত খেলিব নোৱাৰিব PUBG Mobile আৰু PUBG Mobile Lite। বৃহস্পতিবাৰে এটা ফেচবুক পোষ্টত এই কথা ঘোষণা কৰিছে কোম্পানীয়ে। ২ ছেপ্তেম্বৰত প্রায় ১১৮টা বেন কৰিছিল ভাৰত চৰকাৰে। আৰু এই ১১৮টা এপৰ মাজত আছিল জনপ্ৰিয় অনলাইন গেম পাবজি। ইয়াৰ পিছত গুগল প্লে’ ষ্টৰ আৰু এপল এপ ষ্টৰৰ পৰা আঁতৰাই দিয়া হৈছিল PUBG Mobile আৰু PUBG Mobile Lite-ক। এপ নিষিদ্ধ কৰাৰ পিছত চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছিল যে এই ১১৮টা ম’বাইল এপে ‘ভাৰতৰ সার্বভৌমত্ব তথা অখণ্ডতা, ভাৰতৰ প্রতিৰক্ষা, ৰাষ্ট্রীয় সুৰক্ষা আৰু গণ-শৃঙ্খলা ৰক্ষাৰ ক্ষেত্ৰত ক্ষতিকাৰক'।

লাদাখত চীনৰ সৈতে নতুনকৈ উত্তেজনা বৃদ্ধিৰ পিছতে এই পদক্ষেপ লৈছিল ভাৰত চৰকাৰে। দেশে প্রায় ৩ কোটি ৩০ লাখ PUBG ব্যৱহাৰকাৰী আছিল৷ গেমটো নিষিদ্ধ কৰা হৈছিল যদিও যিসকলৰ ফোনত এইপৰ্যন্ত গেমটো আছিল তেওঁলোকে ইমানদিনে গেমটো খেলিব পাৰিছিল। কিন্তু এতিয়াৰ পৰা আৰু নোৱাৰিব।
First published: October 30, 2020, 2:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading