আজি ভাৰতত হ’ব নে কি PUBG Mobile India মুকলি, পদাৰ্পণ কৰিবলৈ সাজু FAU-G

News18 Assam | News18-Assam
Updated:January 19, 2021, 2:09 PM IST
আজি ভাৰতত হ’ব নে কি PUBG Mobile India মুকলি, পদাৰ্পণ কৰিবলৈ সাজু FAU-G
পাবজি গেমৰ লন্সিঙক লৈ বেলেগ বেলেগ দাবী কৰা হৈছে। সেইদৰে FAU-G ২৬ জানুৱাৰীত আৰম্ভ হ’ব।

পাবজি গেমৰ লন্সিঙক লৈ বেলেগ বেলেগ দাবী কৰা হৈছে। সেইদৰে FAU-G ২৬ জানুৱাৰীত আৰম্ভ হ’ব।

  • Share this:
ভাৰতত পাবজি (PUBG Mobile) অনুৰাগীৰ মাজত গেম মুকলি কৰাক লৈ অপেক্ষা অতি ব্যগ্ৰতাৰে কৰা দেখা গৈছে। বহুকেইটা ৰিপ’ৰ্টত দাবী কৰা হৈছে যে ৰয়েল গেমটো আজি (19 জানুৱাৰী) আৰম্ভ কৰা হৈছে। ইয়াৰ বাহিৰে বহু লোকৰ মাজত প্ৰশ্ন উঠিছে যে সঁচাকৈ ভাৰতত পাবজি আজি আৰম্ভ হ’ব নে কি? মুকলি কৰাৰ দিনাই অনুৰাগীয়ে ইয়াৰ এক্সচেচ পাব নে কি? দৰাচলতে ১৫জানুৱাৰীত পাবজি ম’বাইলৰ ট্ৰেলাৰ লন্স কৰাক লৈ এনে ধৰণৰ চৰ্চা চলিছে। ইয়াৰ বাহিৰে বহুকেইটা ৰিপ’ৰ্টত এইটো দাবী কৰা হৈছে যে গেমটো ভাৰতত ১৯জানুৱাৰীত মুকলি কৰা হ’ব, ইয়াৰ বাহিৰে ম’বাই গেমাৰ্চসকলে এই পুনৰ মুকলিক লৈ আৰু উৎসাহিত হৈ পৰিছে।








View this post on Instagram






A post shared by Akshay Kumar (@akshaykumar)






ইয়াৰ বাহিৰে একাংশ ৰিপ’ৰ্টছত কোৱা হৈছে যে পাবজি ম’বাইল ইণ্ডিয়াৰ পুনৰ মুকলি জানুৱাৰীৰ দ্বিতীয় তথা তৃতীয় সপ্তাহত হ’ব। ইয়াৰ লগতে এটা ইউটিউব ভিডিওত দাবী কৰা হৈছিল যে গেমটো ভাৰতত ১৫জানুৱাৰীৰ পৰা ১৯জানুৱাৰীৰ মাজত যিকোনো সময়ত লন্স কৰা হ’ব পাৰে।

পুনৰ মুকলিক লৈ কি কয় চৰকাৰে?
কেন্দ্ৰ চৰকাৰে পাবজি পুনৰ মুকলি কৰাক লৈ কেবাখনো আৰটিআইৰ উত্তৰ প্ৰদান কৰি কয় যে এই বিষয়টোত চৰকাৰে অতি শীঘ্ৰে কোনো সিদ্ধাব্ত নলয়। চৰকাৰী এজেন্সী সমূহে এপৰ সম্পূৰ্ণ বিশ্লেষণ কৰাৰ পিছতহে পাবজিক ভাৰতত পুনৰ মুকলি কৰাৰ অনুমতি দিব। ইয়াৰ পৰা স্পষ্ট হয় যে পাবজি ভাৰতলৈ পুনৰ ঘুৰি অহাৰ বিষয়টো এতিয়াও জল্পনা–কল্পনাৰ শাৰীতে আছে।

কেন্দ্ৰ চৰকাৰে ২ ছেপ্তেম্বৰ, ২০২০ত PUBG সহ ১১৮টা চীনা এপক দেশৰ সুৰক্ষাৰ কাৰণে বিপজ্জনক আখ্যা দি নিষিদ্ধ কৰিছিল। ইয়াৰ পিছত নৱেম্বৰ ২০২০ত পাবজি কৰ্পে এই বেটল ৰয়েল গেমক PUBG Mobile India নামেৰে মুকলি কৰাৰ ঘোষণা কৰিছিল। লগতে কোম্পানীয়ে নিজৰ অফিচিয়েল ৱেবছাইটত আৰু কিছু টিজাৰ লাইভ কৰিছিল। অৱশ্যে এতিয়াও পাবজিক লৈ নিশ্চিত তথ্য একো নাই।

আনহাতে গালৱান ভেলী ফেচ অফৰ ওপৰত আধাৰিত বুলি চৰ্চিত গেম FAU-G ২৬জানুৱাৰীত মুকলি কৰা হ’ব।
First published: January 19, 2021, 2:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি