অৰুণাচল প্ৰদেশত নিষিদ্ধ হ’ব অনলাইন গেম PUBG!

এই সন্দৰ্ভত পৰামৰ্শ তথা মন্তব্য বিচাৰি আৰক্ষী, আইন বিভাগ আৰু তথ্য আৰু প্ৰযুক্তি বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে অৰুণাচল চৰকাৰে।

News18-Assam
Updated:July 30, 2019, 10:44 AM IST
অৰুণাচল প্ৰদেশত নিষিদ্ধ হ’ব অনলাইন গেম PUBG!
এই সন্দৰ্ভত পৰামৰ্শ তথা মন্তব্য বিচাৰি আৰক্ষী, আইন বিভাগ আৰু তথ্য আৰু প্ৰযুক্তি বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে অৰুণাচল চৰকাৰে।
News18-Assam
Updated: July 30, 2019, 10:44 AM IST
অৰুণাচল প্ৰদেশত নিষিদ্ধ কৰা হ’ব অনলাইন গেম PUBG। এই সন্দৰ্ভত পৰামৰ্শ তথা মন্তব্য বিচাৰি আৰক্ষী, আইন বিভাগ আৰু তথ্য আৰু প্ৰযুক্তি বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে অৰুণাচল চৰকাৰে। Arunachal24ত প্ৰকাশ পোৱা অনুসৰি, গৃহ বিভাগৰ অবৰ সচিব হাবুং লামফুঙে কয় যে ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু ৰাজভৱনলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু বিষয়টোক লৈ চলি আছে তদন্ত।

লামফুঙে কয় যে আইন আৰু ন্যায় বিভাগৰ আয়ুক্ত, তথ্য আৰু প্ৰযুক্তি বিভাগৰ সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানলৈ এই সন্দৰ্ভত প্ৰেৰণ কৰা হৈছে পত্ৰ। অনলাইন গেম PUBG নিষিদ্ধ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আৰু মন্তব্য বিচাৰি প্ৰেৰণ কৰা হৈছে পত্ৰ।

আৰু চাওক পৰৱৰ্তী বাতৰি